নিউজ ডেস্ক, ৯ নৱেম্বৰ : মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনৰ বাবে মাজত মাত্ৰ সাতটা দিন বাকী । এনে অৱস্থাত ৰাজ্যখনত ৰাজনৈতিক বাতাৱৰণ গৰম হৈ উঠিছে । বিশেষকৈ বিজেপি আৰু কংগ্ৰেছ পৰস্পৰে পৰস্পৰক আক্ৰমণ-প্ৰত্যাক্ৰমণৰ লক্ষ্য কৰি লোৱা দেখা গৈছে । আনহাতে, নিৰ্বাচনত জয়লাভৰ বাবে সকলোৱে নিজৰ নিজৰ সৰ্বশক্তি প্ৰয়োগ কৰা দেখ গৈছে । তাৰ মাজতে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাতনাত এক ৰাজহুৱা জনসভা সম্বোধন কৰে ।
আনহাতে, প্ৰিয়ংকা গান্ধীয়েও সাতনা জিলাৰ চিত্ৰকূট বিধানসভা সমষ্টিত এক ৰেলী অনুষ্ঠিত কৰি জনসমৰ্থন বিচাৰে । উল্লেখ্য যে প্ৰথমবাৰৰ বাবে ৰাজ্যখনত শাসনাধিষ্ঠিত দল আৰু বিৰোধীয়ে একেখন জিলাত, একেদিনাই আৰু একে সময়তে দুটা পৃথক স্থানত নিৰ্বাচনী সভা অনুষ্ঠিত কৰিছে ।
উল্লেখ্য যে মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনত বিজেপি আৰু কংগ্ৰেছৰ মাজত তয়াময়া যুঁজ হোৱাৰ সম্ভাৱনা আছে । আনহাতে, ৰাজ্যখনত শাসনৰ বাঘজৰী হস্তগত কৰিবৰ বাবে বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলেই যথাসাধ্য চেষ্টা কৰি আছে । যাৰ বাবে এফালে সাতনাত প্ৰধানমন্ত্ৰী মোদীয়ে বিজেপি প্ৰাৰ্থী তথা সাংসদ গণেশ সিঙৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলাইছে, আনফালে সতনাৰ চিত্ৰকূট বিধানসভা সমষ্টিৰ মাঞ্জগাৱানত কংগ্ৰেছ নেতা তথা তাৰকা প্ৰচাৰক প্ৰিয়ংকা গান্ধীয়ে কংগ্ৰেছ প্ৰাৰ্থী নীলাংশু চতুৰ্বেদীৰ সপক্ষে নিৰ্বাচনী প্ৰচাৰত অৱতীৰ্ণ হৈছে ।
উল্লেখ্য যে বৃহস্পতিবাৰে নিৰ্বাচনী জনসভাত ভাষণ দি প্ৰিয়ংকাই প্ৰধানমন্ত্ৰী মোদীক আক্ৰমণৰ লক্ষ্য কৰি লয় । তেওঁ কয়, "পুৰণি সংসদ ভৱন ঠিকেই চলি আছিল, কিন্তু তথাপিও প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াৰ সৌন্দৰ্যবৰ্ধনৰ বাবে ২০,০০০ কোটি টকা ব্যয় কৰে । কিন্তু কৃষকসকলক তেওঁলোকৰ প্ৰাপ্য ধনৰ পৰা বঞ্চিত কৰি ৰাখিছে । সেয়ে মই কওঁ যে কোনোবাই মোদীজীক ক'ব লাগে যে তেওঁৰ চৰকাৰৰ দিনত জনসাধাৰণে ১২০০-১৪০০ টকাত চিলিণ্ডাৰ ক্ৰয় কৰিবলৈ বাধ্য হৈছে ।"
আনহাতে, প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ভাষণত কংগ্ৰেছক তীব্ৰ আক্ৰমণ কৰি কয়, "কংগ্ৰেছ আৰু দলটোৰ নেতা-পালিনেতাসকলে বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে, কিয়নো আমি দুৰ্নীতিৰ ক'লাধন বন্ধ কৰিছোঁ । ইয়াৰ কাৰণে এতিয়া কংগ্ৰেছ নেতাসকলে আবোল-তাবোল বলকিবলৈ আৰম্ভ কৰিছে, তেওঁলোকে মোদীক গালি পাৰিবলৈ আৰম্ভ কৰিছে । প্ৰকৃততে কংগ্ৰেছৰ মিথ্যাচাৰৰ বেলুন ফুটি বতাহ ওলাই গৈছে । যেতিয়া বেলুনৰ পৰা বতাহ ওলাই আহে, তেতিয়া থৰক-বৰক কৰে । কংগ্ৰেছীসকলৰো ঠিক তেনে অৱস্থাই হৈছে । মধ্যপ্ৰদেশৰ উন্নয়নৰ বাবে কংগ্ৰেছৰ কোনো ৰোডমেপ নাই । দলটোৰ নেতাসকলে ইয়াত যুৱসকলৰ কোনো ভৱিষ্যত নেদেখে । অৱশ্যে ৰাইজে জানে যে মোদীৰ গেৰাণ্টিৰ অৰ্থ হৈছে প্ৰতিটো গেৰাণ্টি নিশ্চিত ।"
উল্লেখ্য যে সামগ্ৰিকভাৱে একেটা দিনতে একেখন জিলাৰ বিভিন্ন বিধানসভাত বিভিন্ন দলৰ দুগৰাকী বিখ্যাত নেতাই জনসভা সম্বোধন কৰাটো অলপ আচহুৱা ধৰণৰ । তাৰ পৰাই কল্পনা কৰিব পাৰে যে মধ্যপ্ৰদেশত বিজেপি আৰু কংগ্ৰেছৰ মাজত যুঁজ কিমান কঠিন হ'ব । এই নিৰ্বাচনী প্ৰচাৰ ১৫ নৱেম্বৰৰ সন্ধিয়া অন্ত পৰিব । মধ্যপ্ৰদেশত ১৭ নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ'ব । ৩ ডিচেম্বৰৰ ভোটগণনাত পৰৱৰ্তী পাঁচ বছৰৰ বাবে ৰাজ্যৰ শাসন ক্ষমতা কাৰ হাতলৈ যাব আৰু কোন প্ৰাৰ্থীৰ ভৱিষ্যত কি সেয়া নিৰ্ণয় হ'ব ।
লগতে পঢ়ক :Modi Slams Congress : বিজেপি ভক্তিত নিমজ্জিত আৰু কংগ্ৰেছ দুৰ্নীতিগ্ৰস্ত দল; প্ৰধানমন্ত্ৰী মোদী