ৱাশ্চিংটন, 18 নৱেম্বৰ:সংযুক্ত ৰাষ্ট্ৰৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি জ' বাইডেন আৰু আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাজত বিভিন্ন বিষয়ক সামৰি আলোচনা ৷ মঙলবাৰে ৰাষ্ট্ৰদূত তৰণজিৎ সিং সান্ধুৱে এই কথা প্ৰকাশ কৰে ৷ তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোডীয়ে বাইডেন ক ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ বাবে শুভেচ্ছা প্ৰদান কৰাৰ পৰিৱৰ্তে বাইডেনে মোডী আৰু ভাৰতবাসীক দীপাৱলীৰ শুভেচ্ছা জনাই ৷
দূত গৰাকীয়ে জানিবলৈ দিয়ে যে পৰিৱেশ , পুনৰ নৱীকৰণযোগ্য আৰু সৌৰ শক্তিৰ ভূমিকা ইত্যাদি বিভিন্ন বিষয়ত আলোচনা কৰাৰ উপৰিও ভাৰত আৰু আমেৰিকাৰ মাজৰ কৌশলগত সম্পৰ্ক, ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল তথা ক'ভিড সৃষ্ট পৰিৱেশৰ পৰিপ্ৰেক্ষিতত সংযুক্ত ৰাষ্ট্ৰ , ভাৰত তথা বিশ্বই সন্মুখীন হোৱা বিভিন্ন সমস্যাসমূহৰ বিষয়ে বাইডেন আৰু মোডীয়ে আলোচনা কৰে ৷