অসম

assam

ETV Bharat / bharat

'প্ৰেছ ফ্ৰীডম প্ৰিডেটৰ'ৰ তালিকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নাম - কেৰী লাম

ৰিপ'ৰ্টাৰ্ছ ছেনছ ফ্ৰণ্টিয়াৰছে(Reporters Sans Frontières) প্ৰকাশ কৰা সংবাদ মাধ্যমৰ স্বাধীনতা কৰ্তন কৰা বিশ্বৰ ৩৭ গৰাকী শাসকৰ তালিকাত স্থান পাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । 'প্ৰেছ ফ্ৰীডম প্ৰিডেটৰ'(Press Freedom Predators) শীৰ্ষক তালিকাত সন্নিৱিষ্ট কৰা হৈছে উত্তৰ কোৰিয়াৰ কিম জং-উন, ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জাইৰ ব'লছ'নাৰ', ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন, চৌদি আৰৱৰ ৰাজকুমাৰ মহম্মদ বিন ছলমান আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ লগতে আন কেইবাগৰাকীও শাসকৰ নাম ।

Nrendra Modi among 37 other world leaders in Press Freedom Predators list
প্ৰেছ ফ্ৰীডম প্ৰিডেটৰৰ তালিকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নাম

By

Published : Jul 6, 2021, 5:31 PM IST

নেশ্যনেল ডেস্ক, ৬ জুলাই: তথ্য জনাৰ অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত প্ৰথমবাৰৰ বাবে ৰিপ'ৰ্টাৰ্ছ ছেনছ ফ্ৰণ্টিয়াৰছে(Reporters Sans Frontières) অথবা ৰিপ'ৰ্টাৰ্ছ উইদাউট বৰ্ডাৰছ নামৰ এটা বেচৰকাৰী সংস্থাই সংবাদ মাধ্যমৰ স্বাধীনতা কৰ্তন কৰা বিশ্বৰ ৩৭ গৰাকী শাসকৰ এখন তালিকা প্ৰস্তুত কৰি উলিয়াইছে । সংস্থাটোৱে প্ৰকাশ কৰা 'প্ৰেছ ফ্ৰীডম প্ৰিডেটৰ'(Press Freedom Predators) শীৰ্ষক এই তালিকাখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Narendra Modi)ৰ নামো সন্নিৱিষ্ট কৰা হৈছে । ৰিপ'ৰ্টাৰ্ছ ছেনছ ফ্ৰণ্টিয়াৰছে প্ৰকাশ কৰা মতে, ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ভাৰতীয় জনতা পাৰ্টীৰ অভূতপূৰ্ব বিজয়ৰ পিছত চৰকাৰৰ প্ৰতিটো কথাকে সমৰ্থন জনাবলৈ সংবাদ মাধ্যমৰ ওপৰত যথেষ্ট হেঁচা প্ৰয়োগ কৰা হৈছে ।

সংস্থাটোৱে তেওঁলোকৰ প্ৰতিবেদনত উল্লেখ কৰিছে যে, মোডী নেতৃত্বাধীন চৰকাৰক সমালোচনা কৰা সকলে চাকৰি হেৰুওৱাৰ আশংকাও আহি পৰিছে । ২০০১ চনত তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হয় । ২০১৪ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পিছত মোডীয়ে বাতৰি আৰু তথ্য নিয়ন্ত্ৰণ পদ্ধতিৰ বাবে এই ৰাজ্যখনক পৰীক্ষাগাৰ হিচাপে ব্যৱহাৰ কৰিছিল । ৰিপ'ৰ্টাৰ্ছ ছেনছ ফ্ৰণ্টিয়াৰছৰ মতে, মোডীৰ মুখ্য উদ্দেশ্য হৈছে তেওঁৰ ৰাষ্ট্ৰীয়-জনপ্ৰিয় আদৰ্শক বৈধতা প্ৰদানৰ বাবে ভাষণ আৰু তথ্যৰ দ্বাৰা মূলসুঁতিৰ সংবাদ মাধ্যমক প্ৰভাৱিত কৰা ।

এই উদ্দেশ্য সফল কৰাৰ বাবে তেওঁ সংবাদ মাধ্যমৰ স্বত্বাধিকাৰী কোটিপতি ব্যৱসায়ীসকলৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিছে । ২০২০ চনত সংবাদ কৰ্মৰ লগতে জড়িত হৈ থকাৰ বাবেই চাৰিজন সাংবাদিক নিহত হৈছিল । সঠিকভাৱে কাম কৰিবলৈ চেষ্টা কৰা সাংবাদিকৰ বাবে বিশ্বৰ আটাইতকৈ বিপদজনক দেশসমূহৰ ভিতৰত ভাৰত অন্যতম ।

ভাৰতত সাংবাদিকে সঘনাই আক্ৰমণৰ সন্মুখীন হয় । আৰক্ষীৰ দমন নীতি, ৰাজনৈতিক কৰ্মীয়ে কৰা আক্ৰমণ, অপৰাধী অথবা দুৰ্নীতিগ্ৰস্ত বিষয়াসকলৰ দ্বাৰা প্ৰৰোচিত লোকে কৰা আক্ৰমণ আদিৰ সন্মুখীন হ'বলগীয়া হয় সাংবাদিকসকলে । ২০২১ চনৰ বিশ্ব সংবাদ স্বাধীনতা সূচকৰ তালিকাত ভাৰতো ১৪২ নং স্থান দখল কৰিছে । আনহাতে, ৰিপ'ৰ্টাৰ্ছ ছেনছ ফ্ৰণ্টিয়াৰছে এই তালিকাখনত হাংগেৰিৰ প্ৰধানমন্ত্ৰী ভিক্টৰ অৰবান(Viktor Orban)ৰো নাম সন্নিৱিষ্ট কৰিছে ।

মহিলা শাসকৰ ভিতৰত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা(Sheikh Hasina) আৰু হংকঙৰ প্ৰশাসনিক মুৰব্বী কেৰী লাম(Carrie Lam)ৰো নাম আছে এই তালিকাত । সংস্থাটোৰ প্ৰতিবেদন উল্লেখ কৰা মতে, কেৰী লাম চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ হাতৰ পুতলা হৈ পৰিছে আৰু এতিয়া তেওঁ মুকলিকৈ সংবাদ মাধ্যমৰ বিৰোধিতা কৰে । হংকঙৰ আগশাৰীৰ স্বতন্ত্ৰ বাতৰি কাকত এপল ডেইলী বন্ধ কৰা আৰু ইয়াৰ প্ৰতিষ্ঠাপক জিমি লাইক কাৰাগাৰলৈ নিয়াৰ আঁৰতো আছিল কেৰী লাম । ইফালে, শ্বেইখ হাছিনা সন্দৰ্ভত সংস্থাটোৱে উল্লেখ কৰিছে যে, ২০১৮ চনত ডিজিটেল সুৰক্ষা আইন গ্ৰহণ কৰাৰ ফলত ৭০ জনতকৈও অধিক সাংবাদিক আৰু ব্লগাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ।

চৌদি আৰৱৰ ৰাজকুমাৰ মহম্মদ বিন ছলমান(Mohammed bin Salman)ৰ বিৰুদ্ধেও সংস্থাটোৱে অভিযোগ তুলিছে । সাংবাদিক নিগ্ৰহ, অপহৰণ আৰু আন বহু অকল্পনীয় কাৰ্য তেওঁ সংঘটিত কৰিছে বুলি আৰ এছ এফে প্ৰতিবেদনত উল্লেখ কৰিছে । ৰিপ'ৰ্টাৰ্ছ ছেনছ ফ্ৰণ্টিয়াৰছে তালিকাত নাম সন্নিৱিষ্ট হোৱা নেতাসকলে গ্ৰহণ কৰা নীতিবোৰ বাদ দিবলৈ আৰু সংবাদ মাধ্যমক স্বতন্ত্ৰভাৱে কাম কৰিবলৈ সুযোগ দিয়াৰ বাবে আহ্বান জনায় ।

লগতে পঢ়ক:ভাৰতত ভেনু-২ ছিৰিজৰ দুটাকৈ স্মাৰ্ট ঘড়ী মুকলি

ABOUT THE AUTHOR

...view details