নেশ্যনেল ডেস্ক, 26 ডিচেম্বৰ : আজি মাহেকীয়া ৰেডিঅ’ অনুষ্ঠান "মন কী বাত"ৰ অন্তিম খণ্ড ৷ বছৰটোৰ শেষৰটো মন কী বাত অনুষ্ঠানত অংশ লৈ দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ দেওবাৰে পুৱা 11 বজাৰ পৰা এই অনুষ্ঠান সম্প্ৰচাৰিত হ’ব ৷
এই অনুষ্ঠান অনলাইনৰ লগতে দূৰদৰ্শন আৰু ৰেডিঅ'ৰ জৰিয়তে সম্প্ৰচাৰ হ’ব ৷ প্ৰধানমন্ত্ৰী মোডীয়ে এই কাৰ্যসূচীৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব ৷
"মন কি বাত" হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাহেকীয়া ৰেডিঅ' অনুষ্ঠান ৷ যিটো প্ৰতি মাহৰ শেষৰটো দেওবাৰে সম্প্ৰচাৰ কৰা হয় ৷ অনুষ্ঠানটো AIR তথা দূৰদৰ্শনৰ সকলো নেটৱৰ্কত আৰু AIR News আৰু ম'বাইল এপতো সম্প্ৰচাৰ কৰা হ'ব ৷ ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণক 'মন কি বাত'ৰ এইটো খণ্ডৰ বাবে তেওঁলোকৰ মতামত প্ৰকাশ কৰিবলৈ আহ্বান জনাইছিল ৷