অসম

assam

By

Published : Aug 16, 2023, 9:35 PM IST

Updated : Aug 16, 2023, 9:42 PM IST

ETV Bharat / bharat

Manipur unrest: মণিপুৰক লৈ মিছা মাতিছে প্ৰধানমন্ত্ৰীয়ে; বিজেপিৰ বিভেদকামী নীতিয়ে মণিপুৰত বিভাজন আনিছে; বৃন্দা কাৰাট

ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ নেত্ৰী বৃন্দা কাৰাটে মণিপুৰৰ প্ৰসংগক লৈ প্ৰধানমন্ত্ৰীক সমালোচনা কৰে ৷ দেশবাসীৰ ওচৰত প্ৰধানমন্ত্ৰীয়ে মিছা কোৱাৰ অভিযোগ ৷

Manipur unrest
Manipur unrest

নেশ্যনেল ডেস্ক, 16 আগষ্ট: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰ সন্দৰ্ভত স্বাধীনতা দিৱসত লালকিল্লাৰ পৰা মিছা কথা কোৱাৰ অভিযোগ উত্থাপন কৰি বুধবাৰে ভাৰতীয় কমিউনিষ্ট পাৰ্টী (চিপিআই-মাৰ্ক্সবাদী)ৰ প্ৰাক্তন সাংসদ তথা পলিটব্যুৰো সদস্যা বৃন্দা কাৰাটে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ তাৎক্ষণিক পদত্যাগ দাবী কৰে ৷

‘‘স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে মণিপুৰত স্বাভাৱিক অৱস্থা পুনৰ হিংসাত্মক পৰিস্থিতিলৈ ঘূৰি গৈছে ৷ এয়া সম্পূৰ্ণৰূপে মিছা । তেওঁ ৰাষ্ট্ৰক মিছা কৈছে । তেওঁ (মোদী) দায়বদ্ধতা আৰু মণিপুৰৰ বিজেপি চৰকাৰৰ বিফলতা মানি ল’বলৈ ইচ্ছুক নহয়,’’ নতুন দিল্লীত এক বিশেষ সাক্ষাৎকাৰত কাৰাটে ইটিভি ভাৰতৰ আগত বৃন্দা কাৰাটে এই কথা সদৰী কৰে ৷

তেওঁ কয় যে মণিপুৰৰ পৰিস্থিতি এতিয়াও অস্থিৰ হৈ আছে । ‘‘বিজেপিয়ে তেওঁলোক (মণিপুৰ হিংসাৰ ভুক্তভোগী) সকলো অবৈধ অনুপ্ৰৱেশকাৰী বুলি উল্লেখ কৰা বৰ্ণনাই মণিপুৰতো বিভাজনৰ ইন্ধন যোগোইছে । বীৰেন সিং চৰকাৰৰ নিষ্ঠুৰ নিষ্ক্ৰিয়তা আৰু চৰকাৰখনৰ সাংবিধানিক কৰ্তব্য ত্যাগে মণিপুৰৰ লোকসকলক ক্ষুব্ধ কৰি তুলিছে,’’ কাৰাটে কয় ৷

উল্লেখ্য যে কাৰাটে ‘অল ইণ্ডিয়া ডেমক্ৰেটিক উইমেন এছ’চিয়েচন’ৰ (I.N.D.I.A) সদস্যসকলৰ সৈতে 9 ৰ পৰা 11 আগষ্টলৈ মণিপুৰ ভ্ৰমণৰ বাবে গৈছিল ৷ কাৰাটে বিজেপিক ‘‘সংকীৰ্ণ পৰিচয়’’ ৰাজনীতি আৰু ‘‘ঘৃণাৰ ৰাজনীতি’’ৰ বাবে তীব্ৰ সমালোচনা কৰে ৷

‘‘I.N.D.I.Aৰ প্ৰতিনিধি দলটোৱে জানিব পাৰিলে যে সমগ্ৰ মণিপুৰত 55,000 ত কৈও অধিক লোকে 350 টা সাহায্য শিবিৰত বাস কৰি আছে । তেওঁলোকে এই সাহায্য শিবিৰসমূহত তিনি মাহৰো অধিক সময় ধৰি আছে আৰু কোনো সমাধান দৃষ্টিগোচৰ হোৱা নাই । মানুহে এই শিবিৰবোৰত ভয়ংকৰ পৰিস্থিতিত বাস কৰি আছে । এই শিবিৰবোৰত কোনো উপযুক্ত সুবিধা নাই । মানুহে তিনি মাহ কেৱল দাইল আৰু ভাত খাই আছে,’’ কাৰাটে ইটিভি ভাৰতৰ আগত কয় ৷

কাৰাটে আৰু কয় যে I.N.D.I.Aৰ দলটোৱে মণিপুৰত জাতিগত হিংসাৰ ভুক্তভোগীসকলৰ সৈতে বাৰ্তালাপ কৰে ৷ দলটোৱে চুৰাচান্দপুৰ অঞ্চল ভ্ৰমণ কৰে ৷ চুৰাচান্দপুৰত প্ৰায় 250 টা সাহায্য শিবিৰ আছে য'ত 15,000 ৰো অধিক লোকক আশ্ৰয় দিয়া হৈছে । এইদৰেই বামপন্থী নেত্ৰীগৰাকীয়ে মণিপুৰৰ বিভিন্ন ঘটনাৰ উদাহৰণ দি প্ৰধানমন্ত্ৰীৰ স্থিতিক সমালোচনা কৰে ৷

লগতে পঢ়ক:Assam BJP : বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত ৮ টাকৈ মর্চাৰ সৈতে বৈঠক সভাপতি ভৱেশ কলিতাৰ

Last Updated : Aug 16, 2023, 9:42 PM IST

ABOUT THE AUTHOR

...view details