নিউজ ডেস্ক, 27 জুলাই :প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিলে প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ চতুৰ্দশ কিস্তি । ইয়াৰ লগে লগে ২০০০ টকা ৮ কোটিৰো অধিক কৃষকৰ একাউণ্টত সোমাই পৰিছে । ডিবিটিৰ জৰিয়তে মুঠ ১৭০০০ কোটি টকা কৃষকৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰা হৈছে । চৰকাৰে কৃষকৰ একাউণ্টত বছৰি ৬০০০ টকা তিনিটা কিস্তিত দিয়ে । যদিও একাংশ কৃষক এই আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হৈছে । তালিকাত আপোনাৰ নাম আছে নে নাই জানিবলৈ তালিকাখন এনেদৰে পৰীক্ষা কৰক ।
তালিকাত নাম পৰীক্ষা কৰাৰ প্ৰক্ৰিয়া
প্ৰথমে প্ৰধানমন্ত্ৰী কিষাণৰ অফিচিয়েল ৱেবছাইট pmkisn.gov.in চাওক ।
ইয়াত farmers corner ৰ শিতানলৈ গৈ হিতাধিকাৰী তালিকাত ক্লিক কৰক ।
কৃষকৰ ৰাজ্য, জিলা, তহচিল, ব্লক আৰু গাঁৱৰ নাম লিখি Get Report ত ক্লিক কৰক ।
ইয়াৰ পিছত খোল খাব পৰা তালিকাখনত আপোনাৰ নামটো পৰীক্ষা কৰক ।
কিস্তি পোৱাত কোনো সমস্যা হ'লে বা পিএম কিষাণ যোজনাৰ লগত জড়িত কোনো সমস্যা হ’লে কৃষকসকলে অফিচিয়েল ইমেইল id pmkisan-ict@gov.in ত যোগাযোগ কৰিব পাৰে । ইয়াৰ উপৰিও কিষাণ যোজনাৰ হেল্পলাইন নম্বৰ ১৫৫২৬১ বা ১৮০০১১৫৫২৬ (টোল ফ্ৰী) বা ০১১-২৩৩৮১০৯২ নম্বৰত যোগাযোগ কৰিও আপোনাৰ সমস্যাৰ সমাধান পাব পাৰে ।
এই কৃষকসকলে Pm kisan Yojana ৰ সুবিধা নাপালে, e-kyc আৰু PM Kisan Samman Nidhi Yojana ৰ সুবিধা ল'বলৈ ভূমি পৰীক্ষণ কৰাটো প্ৰয়োজনীয় কৰি তোলা হৈছে । সেয়ে এই কাম নকৰা কৃষকৰ নাম কিষাণ যোজনাৰ হিতাধিকাৰী তালিকাৰ পৰা আঁতৰাই দিয়া হৈছে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বৃহৎ সংখ্যক কৃষক এই সুবিধাৰ পৰা বঞ্চিত হৈছে ।
লগতে পঢ়ক :Physical cruelty against children : দেশৰ চাইল্ডকেয়াৰ কেন্দ্ৰতে সুৰক্ষিত নহয় শিশু !