অসম

assam

By

Published : Jan 7, 2021, 12:35 PM IST

ETV Bharat / bharat

'পি এম কিষাণ' আঁচনি ৰূপায়নৰ বাবে অনুমতি পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ

অৱশেষত তৃণমূল কংগ্ৰেছৰ প্ৰধান তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ চৰ্ত প্ৰত্যাহাৰ । 'প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোঁজনা' চমুকৈ 'পি এম কিষাণ' আঁচনি পশ্চিমবংগত ৰূপায়নৰ বাবে অনুমতি কেন্দ্ৰক । কেন্দ্ৰই প্ৰত্যক্ষভাৱে কৃষকৰ বেংক একাউন্টত এই ধনৰাশি দিলেও কোনো আপত্তি নাই মমতাৰ ।

'পি এম কিষাণ' আঁচনি ৰুপায়নৰ বাবে অনুমতি মমতাৰ
'পি এম কিষাণ' আঁচনি ৰুপায়নৰ বাবে অনুমতি মমতাৰ

নিউজ ডেস্ক, ৭ জানুৱাৰী: পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰাজ্যখনৰ কৃষকসকলৰ বাবে 'পি এম কিষাণ' আঁচনি ৰূপায়নৰ অনুমতি প্ৰদান কৰে । কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰে কয় যে, এই আঁচনিৰ দ্বাৰা ৰাজ্যখনৰ ২০ লাখতকৈও অধিক কৃষক লাভান্বিত হ'ব । এই সন্দৰ্ভত বুধবাৰে কেন্দ্ৰই এগৰাকী নডেল অফিচাৰ নিযুক্তি দিবলৈ বেনাৰ্জীক আহ্বান জনায়, কিয়নো আঁচনিখনৰ ধন সংক্ৰান্তীয় যাৱতীয় কাম-কাজসমূহ যাতে পৰিদৰ্শন কৰিব পাৰে । লগতে এই সম্পৰ্কে কেন্দ্ৰই নডেল অফিচাৰৰে আলোচনা কৰিব । ইয়াৰোপৰি কৃষকসকলৰ বেংক একাউন্ট খুলি দিবলৈও বেনাৰ্জীক আহ্বান জনায় ।

'পি এম কিষাণ' আঁচনিৰ অধীনত দৰিদ্ৰ আৰু কম উৎপাদন কৰা কৃষকসকলৰ পৰিয়ালে বছৰত তিনিটা সম পৰিমাণৰ কিস্তিত ৬,০০০ টকাৰ আৰ্থিক সহায় আগবঢ়োৱা হ'ব ।

উল্লেখ্য যে, ইয়াৰ বাবে যিসকল কৃষকে কেন্দ্ৰ চৰকাৰৰ পৰ্টেলত পঞ্জীকৰণ কৰিছে সেইসকল কৃষকৰ সকলো বিৱৰণ প্ৰকাশ কৰিবলৈ সোমবাৰে বেনাৰ্জীয়ে কেন্দ্ৰক অনুৰোধ জনায় আৰু তেওঁৰ চৰকাৰে কৃষকসকলক প্ৰদান কৰা প্ৰতিটো সা-সুবিধা যাতে লাভ কৰিব পাৰে তাৰ বাবেও মত প্ৰকাশ কৰে ।

কেন্দ্ৰ চৰকাৰৰ আঁচনি 'প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোঁজনা' চমুকৈ 'পি এম কিষাণ' আঁচনি পশ্চিমবংগত ৰূপায়নৰ বাবে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সন্মতি প্ৰকাশ কৰি কয় য়ে এই আঁচনিখন ৰূপায়ণ কৰিলে কোনো অসুবিধা নহয় । লগতে কেন্দ্ৰই প্ৰত্যক্ষভাৱে কৃষকৰ বেংক একাউন্টত এই ধনৰাশি দিলেও কোনো আপত্তি নাই বুলি জনায় ।

উল্লেখ কৰিবলগীয়া যে, এই আঁচনি ৰূপায়নৰ বাবে বেনাৰ্জীয়ে এক চৰ্ত ৰাখিছিল যে, কৃষকৰ এই ধনৰাশি ৰাজ্য চৰকাৰৰ মাধ্যমেৰেহে প্ৰদান কৰা হ'ব । অৱশ্যে বেনাৰ্জীৰ এই চৰ্তক কেন্দ্ৰই গ্ৰহণ কৰা নাছিল ।

লগতে পঢ়ক: উত্তৰ প্ৰদেশত কৰায়ত্ত ৰোহিংগীয়া মূলৰ ব্যক্তি: উত্তৰ প্ৰদেশ আৰক্ষী

ABOUT THE AUTHOR

...view details