অসম

assam

ETV Bharat / bharat

মাংগালুৰুত যান্ত্ৰিকীকৰণ আৰু ঔদ্যোগিকৰণ প্ৰকল্পৰ উদ্বোধন প্ৰধানমন্ত্ৰীৰ

মাংগালুৰুত শুকুৰবাৰে প্ৰায় ৩৮০০ কোটি টকাৰ যান্ত্ৰিকীকৰণ আৰু ঔদ্যোগিকৰণ প্ৰকল্পৰ(Mechanization and Industrialization project) উদ্বোধন তথা আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ প্ৰধানমন্ত্ৰীৰ এই পদক্ষেপে 'মেক ইন ইণ্ডিয়া' কাৰ্যসূচীক অধিক গতিশীলতা প্ৰদান কৰাৰ আশা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷

By

Published : Sep 2, 2022, 10:33 PM IST

PM inaugurates mechanization and industrialization project in Mangalore
মাংগালুৰুত যান্ত্ৰিকীকৰণ আৰু ঔদ্যোগিকৰণ প্ৰকল্পৰ উদ্বোধন প্ৰধানমন্ত্ৰীৰ

নিউজ ডেস্ক, ২ ছেপ্টেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে মাংগালুৰুত প্ৰায় ৩,৮০০ কোটি টকাৰ যান্ত্ৰিকীকৰণ আৰু ঔদ্যোগিকৰণ প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰে(PM Modi In Karnataka) । অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে(Union Minister Sarbananda Sonowal) উপস্থিত থাকি কয় যে, ভাৰতীয় সামুদ্ৰিক খণ্ডৰ বাবে গৌৰৱান্বিত এই শুভ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাংগালুৰুত বহুতো গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিমূলক প্ৰকল্পৰ শুভাৰম্ভ তথা আধাৰশিলা স্থাপন কৰে(PM Narendra Modi) ৷

মাংগালুৰুত যান্ত্ৰিকীকৰণ আৰু ঔদ্যোগিকৰণ প্ৰকল্পৰ উদ্বোধন প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰীৰ এই কাৰ্যসূচীয়ে 'মেক ইন ইণ্ডিয়া'(Make in India) কাৰ্যসূচীক অধিক গতিশীলতা প্ৰদান কৰিলে বুলি কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে মন্তব্য কৰে । তেওঁ লগতে কয় যে, মোদীৰ বলিষ্ঠ নেতৃত্বত আমাৰ দেশখনে আত্মনিৰ্ভৰশীলতাৰ শক্তিশালী ভেটিৰে এখন নতুন ভাৰত গঢ়ি তোলাৰ দিশত আগবাঢ়ি আহিছে । এখন গৌৰৱান্বিত, আত্মবিশ্বাসী আৰু দৃঢ় প্ৰতিজ্ঞ দেশ হিচাপে আমি বিকাশ আৰু সমৃদ্ধিৰ এই পথত দৃঢ় হৈ থাকিব লাগিব ।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

তেওঁ আৰু কয় যে, উক্ত প্ৰকল্পসমূহে কৰ্ণাটকৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড বৃদ্ধি কৰাৰ লগতে বহু নিযুক্তিৰ পথ প্ৰশস্ত কৰিব ৷ বিশেষকৈ 'এক জিলা আৰু এক সামগ্ৰী' আঁচনিয়ে ৰাজ্যখনৰ মাছমৰীয়া, কৃষকসকলৰ বাবে বজাৰ উপলব্ধ কৰাত সহায় কৰিব বুলি সোণোৱালে আশা ব্যক্ত কৰে ।

লগতে পঢ়ক:মানসিক স্বাস্থ্য সেৱাৰ উৎকৰ্ষ কেন্দ্ৰ হিচাপে বিকশিত হ'ব কেৰালাৰ ৰাষ্ট্ৰীয় হোমিঅ'পেথী গৱেষণা প্ৰতিষ্ঠান

ABOUT THE AUTHOR

...view details