নেশ্যনেল ডেস্ক,13 জানুৱাৰী : বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশবাসীক লোহৰীৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ লোহৰীৰ শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰী মোদীয়ে সকলোৰে সুস্বাস্থ্য কামনা কৰে ৷
এক টুইটযোগে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "শুভ লোহৰী ! আমি প্ৰাৰ্থনা কৰিছো যাতে সকলোতে আনন্দ বিৰাজ কৰাৰ লগতে সকলো সু-স্বাস্থ্যবান হৈ থাকে ৷ এই বিশেষ উৎসৱে যাতে সকলোৰে উজ্বল ভৱিষ্যত কঢ়িয়াই আনে তথা মানৱতাৰ বান্ধোন সুদৃঢ় কৰি তোলে ৷"