নেশ্যনেল ডেস্ক,২ ছেপ্টেম্বৰ :ভাৰতে শনিবাৰে প্ৰথমটো সূৰ্য অভিযান আৰম্ভ কৰে । ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে সফলতাৰে আদিত্য এল-১ উৎক্ষেপণ কৰে । চন্দ্ৰযান-৩ৰ সফলতাৰ পাছত এইবাৰ সূৰ্য অন্বেষণৰ সফল আৰম্ভণিৰ বাবে ইছৰোক সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিছে । প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি দেশৰ বিভিন্ন নেতা, তাৰকা সকলোৱে ইছৰোক অভিনন্দন জনাইছে ।
আদিত্য এল-১ৰ সফল উৎক্ষেপণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইছৰোক অভিনন্দন জনায় । প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমৰ জৰিয়তে কয় যে চন্দ্ৰযান-৩ৰ সফলতাৰ পাছত ভাৰতে মহাকাশ যাত্ৰা অব্যাহত ৰাখিছে । ভাৰতৰ প্ৰথম সৌৰ অভিযান আদিত্য এল-১-ৰ সফল উৎক্ষেপণৰ বাবে ইছৰোৰ বিজ্ঞানী আৰু অভিযন্তাসকলক তেওঁ অভিনন্দন জনায় । সমগ্ৰ মানৱতাৰ কল্যাণৰ বাবে বিশ্বব্ৰহ্মাণ্ডৰ এক উন্নত বুজাবুজি বিকশিত কৰাৰ বাবে ভাৰতৰ বিজ্ঞানীসকলৰ প্ৰচেষ্টা অব্যাহত থাকিব বুলিও প্ৰধানমন্ত্ৰী মোদীয়ে স্পষ্ট কৰি দিয়ে ।