অসম

assam

ETV Bharat / bharat

টাউতেত ক্ষতিগ্ৰস্ত গুজৰাটলৈ 1000 কোটিৰ অনুমোদন প্ৰধানমন্ত্ৰীৰ

টাউতে ঘূৰ্ণীয়ে ক্ষতিগ্ৰস্ত কৰা গুজৰাটলৈ 1000 কোটিৰ তাৎক্ষণিক আৰ্থিক সাহায্যৰ অনুমোদন ৷ আকাশমাৰ্গেৰে ক্ষয়-ক্ষতিৰ বুজ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এই ঘোষণা ৷ নিহতসকলৰ আত্মীয়লৈ 2 লাখ আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্তসকললৈ 50,000 টকাৰ ক্ষতিপূৰণ ৷

By

Published : May 20, 2021, 8:33 AM IST

pm conducts aerial survey of cyclone hit guj announces rs 1000 crore aid
টাউতেত ক্ষতিগ্ৰস্ত গুজৰাটলৈ 1000 কোটিৰ অনুমোদন প্ৰধানমন্ত্ৰী মোডীৰ

নেচনেল ডেস্ক,20 মে': টাউতেৰ সংহাৰত ক্ষতিগ্ৰস্ত গুজৰাটলৈ তাৎক্ষণিক সাহায্য হিচাপে 1000 কোটি টকাৰ অনুমোদন জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ এক বিভাগীয় বিবৃতিযোগে জানিবলৈ দিয়া মতে, আকাশমাৰ্গেৰে টাউতেত ক্ষতিগ্ৰস্ত ৰাজ্যখন পৰ্যবেক্ষণ কৰাৰ পাচতে প্ৰধানমন্ত্ৰী গৰাকীয়ে এই সাহায্যৰ অনুমোদন জনায় ৷ ঘূৰ্ণী বতাহৰ ফলত নিহতসকলৰ আত্মীয়ৰ বাবেও প্ৰধানমন্ত্ৰী গৰাকীয়ে 2 লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰে ৷

প্ৰেছ ইনফৰমেশ্যন ব্যুৰ' (পিআইবি) ৰ এক বিজ্ঞপ্তিত এই কথাও কোৱা হৈছে যে, সংশ্লিষ্ট ৰাজ্যসমূহে কেন্দ্ৰৰ সৈতে ধুমুহাত ক্ষয়-ক্ষতিৰ পৰ্যালোচনা কৰাৰ পাচত অন্যান্য প্ৰভাৱিত ৰাজ্যসমূহলৈও তাৎক্ষণিক বিত্তীয় সাহায্য প্ৰদান কৰা হ'ব ৷ গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানী আৰু অন্যান্য শীৰ্ষ বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত অংশ লোৱাৰ পাচত প্ৰধানমন্ত্ৰী গৰাকীয়ে এই ঘোষণা কৰে ৷

ঘূৰ্ণী বতাহত ক্ষতিগ্ৰস্ত কেৰালা, কৰ্ণাটক, গোৱা, মহাৰাষ্ট্ৰ, গুজৰাট, ৰাজস্থানৰ লগতে দমন-দিউ আৰু দাদৰা-নগৰ হাভেলী কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিহতসকলৰ আত্মীয়লৈ 2 লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰাৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সকললৈ 50,000 টকাৰ সাহায্য ঘোষণা কৰা হৈছে ৷

বিবৃতিটোত উল্লেখ কৰা মতে, ধুমুহাত ক্ষতিগ্ৰস্ত অঞ্চলৰ সমূহৰ আন্ত:গাঁথনি পুনৰ নিৰ্মাণ তথা ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ সংস্থাপনৰ বাবে ৰাজ্য চৰকাৰৰ সৈতে কেন্দ্ৰই পূৰ্ণ সহযোগিতাৰে কাম কৰিব বুলিও প্ৰধানমন্ত্ৰী গৰাকীয়ে গুজৰাটবাসীক নিশ্চয়তা প্ৰদান কৰে ৷ জানিব পৰা মতে, মোডীয়ে ৰাজ্যখনৰ ক'ভিড পৰিস্থিতিৰো বুজ লয় ৷

গুজৰাট চৰকাৰে প্ৰকাশ কৰা তথ্য অনুযায়ী ঘূৰ্ণী বতাহৰ ফলত সংঘটিত বিভিন্ন ঘটনাত ৰাজ্যখনত মুঠ 45 গৰাকী লোকে প্ৰাণ হেৰুৱাইছে ৷ টাউতেৰ প্ৰভাৱে 16,000 ৰো অধিক ঘৰ ক্ষতিগ্ৰস্ত কৰাৰ লগতে প্ৰায় 40,000 ৰো অধিক গছ-গছনি আৰু 70,000 ৰো অধিক বৈদ্যুতিক খুঁটা উভালি পৰে ৷ ইয়াৰ সমান্তৰালকৈ ৰাজ্যখনৰ প্ৰায় 5,951 গাঁৱত বৈদ্যুতিক সংযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰে বুলিও জানিব পৰা গৈছে ৷

লগতে পঢ়ক:গুজৰাটত টাউতেৰ ধ্বংসলীলা: 45 জনৰ মৃত্যু

ABOUT THE AUTHOR

...view details