নেশ্বনেল ডেস্ক, 13 জানুৱাৰী :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে দেশৰ ক’ভিড-১৯ পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীসকলৰ সৈতে বাৰ্তালাপ কৰে (Modi chairs meeting with CM's) আৰু ভাইৰাছ বিস্তাৰৰ ক্ষেত্ৰত নিয়ন্ত্ৰণৰ লগতে জীৱন-জীৱিকাৰ ক্ষতি নিম্নতম কৰাটো নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷ ইয়াৰ লগতে তেওঁ অ’মিক্ৰণৰ প্ৰভাৱত বৃদ্ধি হোৱা ক’ভিডৰ ঘটনাৰ সৈতে মোকাবিলা কৰাৰ বাবে ৰণনীতি প্ৰস্তুত কৰে ।
বৈঠকত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ মন্তব্যত টীকাকৰণৰ গুৰুত্ব আৰু ১০০ শতাংশ টিকাকৰণৰ বাবে 'হৰ ঘৰ দস্তক(Har ghar dastak campaign by PM)' কাৰ্যসূচীক অধিক ত্বৰান্বিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । মোদীয়ে কয়, "আমি ১০ দিনৰ ভিতৰত প্ৰায় তিনি কোটি কিশোৰ-কিশোৰীৰ টীকাকৰণ কৰিছো আৰু ই ভাৰতৰ সম্ভাৱনা আৰু এই প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ কৰা প্ৰস্তুতিৰ নিদৰ্শন দাঙি ধৰিছে"।
প্ৰধানমন্ত্ৰীয়ে কয় যে, ভাৰতত প্ৰস্তুত কৰা ভেকছিনে সমগ্ৰ বিশ্বতে শ্ৰেষ্ঠতা প্ৰমাণ কৰিছে । ‘‘এইটো প্ৰতিজন ভাৰতীয়ৰ বাবে গৌৰৱৰ বিষয় যে আজি ভাৰতে প্ৰাপ্তবয়স্ক জনসংখ্যাৰ প্ৰায় ৯২ শতাংশলোকক প্ৰথম পালি দিছে’’ ।
দ্বিতীয় পালিৰ ভেকছিন প্ৰদানো দেশত প্ৰায় ৭০ শতাংশ সম্পন্ন হৈ উঠিছে বুলিও কয় তেওঁ । মোদীয়ে পুনৰ কয় যে, কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰ সমূহে মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত এতিয়ালৈকে অনুসৰণ কৰা আগতীয়া, সক্ৰিয় আৰু সামূহিক দৃষ্টিভংগী অব্যাহত ৰাখিব লাগিব । "আমি যিমান সোনকালে ফ্ৰণ্টলাইন কৰ্মী আৰু জ্যেষ্ঠ নাগৰিকসকলক সাৱধানতামূলক পালি প্ৰদান কৰিম, আমাৰ স্বাস্থ্য সেৱা প্ৰণালী সিমানেই শক্তিশালী হ'ব" বুলি তেওঁ কয় ।