অসম

assam

ETV Bharat / bharat

Israeli Parliament Speaker to visit India : মুম্বাই আক্ৰমণক লৈ কি ক'লে ইজৰাইল সংসদৰ অধ্যক্ষই ? - 2008 Mumbai attack

২০০৮ চনৰ মুম্বাই আক্ৰমণক লৈ সৰৱ ইজৰাইলৰ সংসদৰ অধ্যক্ষ অ'হানা (Israeli Parliament Speaker Ohana on Mumbai attack)। ভাৰত ভ্ৰমণৰ পূৰ্বে নেতাগৰাকীয়ে মুম্বাই আক্ৰমণৰ অভিযুক্তৰ কঠোৰ শাস্তিৰ দাবী কৰিলে । ৩১ মাৰ্চত ৪ দিনীয়া কাৰ্যসূচীৰে ইজৰাইলৰ নেতাগৰাকী ভাৰতত উপস্থিত হ'ব ।

Israeli Parliament Speaker to visit India
মুম্বাই আক্ৰমণক লৈ ইজৰাইল সংসদৰ অধ্যক্ষৰ মন্তব্য

By

Published : Mar 30, 2023, 4:51 PM IST

নেশ্যনেল ডেস্ক,৩০ মাৰ্চ : ২০০৮ চনৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা কৰা সকলে উচিত শাস্তি পাব লাগে (Israeli Parliament Speaker Ohana on Mumbai attack)। এই মন্তব্য ইজৰাইলৰ সংসদৰ অধ্যক্ষৰ । প্ৰথমটো ভাৰত ভ্ৰমণৰ পূৰ্বে এই গুৰুত্বপূৰ্ণ মন্তব্য় নেতাগৰাকীৰ । তেওঁৰ মতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াটো ভাৰত আৰু ইজৰাইলৰ প্ৰথম উদ্দেশ্য ।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ ঘনিষ্ঠ আমিৰ অ'হানাই যোৱা বছৰ ডিচেম্বৰত সংসদৰ অধ্যক্ষ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল । কাৰ্যভাৰ গ্ৰহণৰ পাছত তেওঁৰ প্ৰথম চৰকাৰী বিদেশ ভ্ৰমণ হিচাপে ৩১ মাৰ্চৰ পৰা ৪ দিনীয়া কাৰ্যসূচীৰে তেওঁ ভাৰতত উপস্থিত হ'ব (Israeli leader Ohana to visit India)। সন্ত্ৰাসবাদৰ ভাবুকি এক সাধাৰণ উদ্বেগ বুলি উল্লেখ কৰি শিন বেট (ইজৰাইলৰ আভ্যন্তৰীণ সুৰক্ষা সংস্থা)ৰ এগৰাকী প্ৰাক্তন বিষয়া অ'হানাই সংবাদমাধ্যমক কয় যে ইয়াৰ প্ৰতিৰোধৰ বাবে সকলো প্ৰগতিশীল ৰাষ্ট্ৰ একত্ৰিত হোৱাটো প্ৰয়োজন ।

অ'হানাৰ মতে ভাৰত আৰু ইজৰাইল উভয়েই সন্ত্ৰাসবাদৰ সমস্যাৰ সন্মুখীন হৈছে আৰু তাৰ বিৰুদ্ধে যুঁজ দি আছে (Ohana on threat of terrorism)। তেওঁৰ মতে ২০০৮ চনৰ মুম্বাই আক্ৰমণৰ কথা সকলোৰে মনত আছে । য'ত ২০৭ জনৰো অধিক লোকক হত্যা কৰা হৈছিল । তাৰ ভিতৰত ১৭৮ গৰাকীয়ে আছিল ভাৰতীয় । অ'হানাই উল্লেখ কৰা মতে হত্যাৰ বলি হোৱা বিদেশী নাগৰিকৰ ভিতৰত দুৰ্ভাগ্যবশতঃ ইজৰাইলী আৰু ইহুদীসকলো আছিল (2008 Mumbai attack)।

সংসদৰ অধ্যক্ষগৰাকীৰ মতে এয়া কেৱল ভাৰতৰ ওপৰতে আক্ৰমণ নাছিল । ই ভাৰত আৰু ইজৰাইলৰ অংশীদাৰী মূল্যবোধৰ ওপৰতো আক্ৰমণ আছিল । সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ পৰা আৰম্ভ কৰি যিয়ে এই ঘটনাৰ পৰিকল্পনা কৰিছিল তেওঁ উচিত শাস্তি পাব লাগে বুলিও তেওঁ দাবী কৰে ।

মুম্বাইৰ চাবাদ হাউচৰ আক্ৰমণক লৈ ভাৰতৰ লগতে ইজৰাইলো চিন্তিত (Chabad house attack)। অ'হানাৰ মতে দুয়োখন দেশৰে কৌশলগত অংশীদাৰীত্ব, উদ্বেগ, বেদনা আৰু অপৰিসীম সম্ভাৱনাই ইণ্ডো-ইজৰাইলৰ সম্পৰ্ক শক্তিশালী কৰি ৰাখিছে । সংসদৰ অধ্যক্ষগৰাকীয়ে কয় যে যেতিয়া তেওঁ সংসদৰ অধ্যক্ষ হিচাপে প্ৰথম চৰকাৰী ভ্ৰমণৰ চিন্তা কৰিছিল তেতিয়া কেইবাটাও কাৰণত ভাৰত আটাইতকৈ আকৰ্ষণীয় বিকল্প আছিল ।

তেওঁৰ মতে ভাৰত হৈছে এক মুখ্য উন্নয়নশীল শক্তি । ইজৰাইলৰ সৈতে ভাৰতৰ বহুতো বিষয়ৰ মিল আছে আৰু নেছেটৰ কোনো অধ্যক্ষই কেতিয়াও ভাৰত ভ্ৰমণ কৰা নাই বুলিও তেওঁ উল্লেখ কৰে ।

তেওঁৰ মতে যথেষ্ট মিল থকা ভাৰত আৰু ইজৰাইলৰ সংসদ আৰু জনসাধাৰণক একত্ৰিত কৰাটো তেওঁৰ বাবে গুৰুত্বপূৰ্ণ । তেওঁ ভাৰতত ইহুদী বিদ্বেষৰ ঐতিহাসিক অভাৱ আৰু কেইবাখনো ক্ষেত্ৰত দুয়োখন দেশৰ মাজৰ গভীৰ সহযোগিতাৰ কথাও কয় । তেওঁৰ মতে তেওঁ অতীতত ভ্ৰমণ কৰা বেছিভাগ দেশৰ ভিতৰত ভাৰতত কোনো ইহুদী বিৰোধীতা নাই ।

জানিব পৰা মতে অ'হানাৰ ভ্ৰমণকালত কেইবাটাও সংসদীয়, ৰাজনৈতিক আৰু অৰ্থনৈতিক বৈঠক অনুষ্ঠিত কৰাৰ বাবে লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ সৈতে দুয়োখন সংসদৰ মাজত সহযোগিতা চুক্তি স্বাক্ষৰ কৰিব । তেওঁৰ সৈতে ইডৰাইলৰ নেতা মাইকেল বিটন আৰু ইজৰাইল-ভাৰত আন্তঃসংসদীয় বন্ধুত্ব গোটৰ অধ্যক্ষ অমিত হালেভি উপস্থিত থাকিব ।

অ'হানাই এই ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ লগতে কেইবাজনো বিষয়াক সাক্ষাৎ কৰিব । ইজৰাইলৰ প্ৰতিনিধি দলটোৱে মুম্বাই ভ্ৰমণ কৰিব । য'ত তেওঁলোকে চাবাদ হাউচত নিহত লোকসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিব । তেওঁলোকে চাৰিদিনীয়া ভ্ৰমণকালত নেচনেল ষ্টক এক্সচেঞ্জৰ মুখ্য কাৰ্যবাহী বিষয়াকো সাক্ষাৎ কৰিব ।

লগতে পঢ়ক :Amit Shah slams congress : UPA চৰকাৰৰ দিনত CBIয়ে অমিত শ্বাহক কিহৰ বাবে হেঁচা দিছিল ?

ABOUT THE AUTHOR

...view details