অসম

assam

ETV Bharat / bharat

First Period Celebration: দেশৰ এইসমূহ ঠাইত উদযাপন কৰা হয় প্ৰথম ঋতুস্ৰাৱ; জানি লওক ইয়াৰ ৰীতি নীতিসমূহ

আজিও ঋতুস্ৰাৱৰ দৰে বিষয়ৰ কথা বৰ মুকলিকৈ কোৱা নহয় । আনহাতে, দেশৰ কিছুমান ঠাইত প্ৰথম ঋতুস্ৰাৱক অতি উৎসাহেৰে পালন কৰা হয় । জানো আহক এই ঠাইসমূহ কি কি...

Places in the country where first periods are celebrated, know its customs
দেশৰ এইসমূহ ঠাইত উদযাপন কৰা হয় প্ৰথম ঋতুস্ৰাৱ, জানি লওক ইয়াৰ ৰীতি-নীতিসমূহ

By

Published : Apr 26, 2023, 7:50 PM IST

ঋতুস্ৰাৱ এক স্বাভাৱিক প্ৰক্ৰিয়া । এয়া নাৰীৰ জীৱনৰ এক অতি গুৰুত্বপূৰ্ণ টাৰ্নিং পইণ্ট । এই সময়ত মহিলাৰ শৰীৰত বহু হৰম’নৰ পৰিৱৰ্তন ঘটে । ইয়াৰ পৰাই বুজা যায় যে, এগৰাকী ছোৱালীৰ নাৰী হোৱাৰ যাত্ৰা আৰম্ভ হৈছে । কিন্তু আজিও এই বিষয়টোৰ বিষয়ে বৰ মুকলিকৈ কোৱা হোৱা নাই (Period)। আজিৰ যুগত আমি আগবাঢ়িছো, কিন্তু এনে বহু কথাই দেখুৱাইছে যে আমাৰ চিন্তাধাৰা এতিয়াও কিমান পিছপৰা (First Period Celebration)। এতিয়াও মানুহে ঋতুস্ৰাৱৰ দৰে বিষয়ত মুকলিকৈ কথা পাতিবলৈ কুণ্ঠাবোধ কৰে (Celebration) ।

একে সময়তে দেশৰ কিছুমান অঞ্চলত মহিলাৰ প্ৰথম ঋতুস্ৰাৱ উদযাপন কৰা হয় (Mensturation)। উৎসৱৰ দৰে পালন কৰা হয় । প্ৰথম ঋতুস্ৰাৱৰ আনন্দক দেশৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণে উদযাপন কৰা হয় । ইয়াত ইয়াৰ বিষয়ে জানো আহক....

অসম

অসমত তুলনি বিয়াৰ নামত প্ৰথম ঋতুস্ৰাৱ উদযাপন কৰা হয় (Tuloni biya)। এই অনুষ্ঠানটো ঠিক বিয়াৰ দৰেই ভৱিষ্যৎ প্ৰজন্মৰ বাবে আয়োজন কৰা হয় । এই সময়ত ছোৱালীজনীক কোনো কাম কৰিবলৈ দিয়া নহয় । কন্যাগৰাকীক সাত দিন নিৰ্জন ঠাইত ৰখা হয় । এই সময়ত তৰা, সূৰ্য আৰু চন্দ্ৰ দেখা ভাল নহয় বুলি বিশ্বাস কৰা হয় অসমৰ লোকে । লগতে সাত দিনৰ পিচত কন্যাগৰাকীক মাহ-হালধিৰে গা ধুৱাই কইনাৰ দৰে সজোৱা হয় ৷

কৰ্ণাটক

কৰ্ণাটকত প্ৰথম ঋতুস্ৰাৱক অতি পাৰম্পৰিকভাৱে কৰা হয় । এই সময়ত ছোৱালীজনীয়ে প্ৰথমবাৰৰ বাবে শাৰী পিন্ধে । এই কথাটোৱে দেখুৱাইছে যে, তাই ডাঙৰ হৈ আহিছে । এই উপলক্ষে আধা শাৰী পিন্ধা নিয়ম । এই উদযাপনক ঋতু শুদ্ধি নামেৰে জনা যায় । ইয়াৰ উপৰিও ইয়াক ঋতু কলা সংস্কাৰ বুলিও জনা যায় । এই উদযাপনৰ পিছত মহিলাসকলে বিবাহ পৰ্যন্ত মাত্ৰ আধা শাৰীহে পিন্ধে ।

তামিলনাডু

তামিলনাডুত এই উদযাপনক মঞ্জল নিৰাতু বীজা বুলি জনা যায় । এই অনুষ্ঠানত সকলো অতিথিকে আমন্ত্ৰণ জনোৱা হৈছে । ছোৱালীজনীক হালধি পানীৰে গা ধোৱা হয় । ইয়াৰ লগতে ৰেচমৰ শাৰী আৰু গহনা পিন্ধোৱা হয় । এই অনুষ্ঠানত ছোৱালীজনীৰ মামাকে এটা জুপুৰি সাজে । ইয়াত আম, নিম আৰু নাৰিকল পাত ব্যৱহাৰ কৰি তৈয়াৰ কৰা হয় । এই দিনটোত বহু ধৰণৰ সুস্বাদু খাদ্যও প্ৰস্তুত কৰা হয় । পূণ্য ধনমেৰে অনুষ্ঠানৰ সামৰণি পৰে । জুপুৰিটো আঁতৰাই দিয়া হয় । পণ্ডিতে ঘৰখনৰ শুদ্ধি কৰে ।

ওড়িশা
ওড়িশাত প্ৰথম ঋতুস্ৰাৱ উদযাপনৰ বাবে ৩ দিনীয়া অনুষ্ঠান অনুষ্ঠিত হয় । এই অনুষ্ঠানক ৰাজপ্ৰভা বুলি জনা যায় । পিৰিয়ডৰ চতুৰ্থ দিনা ছোৱালীজনীক গা ধুওৱা হয় । এই দিনত ছোৱালীয়ে কোনো কাম নকৰে । বিভিন্ন ধৰণৰ সুস্বাদু খাদ্য উপভোগ কৰে আৰু নতুন কাপোৰ পিন্ধে । ইয়াৰ উপৰিও অন্ধ্ৰ প্ৰদেশত প্ৰথম পিৰিয়ড পেডমণিশী পাণ্ডাগা হিচাপে পালন কৰা হয় ।

লগতে পঢ়ক:Summer vacation tips: কম বাজেটত উপভোগ কৰক মালদ্বীপৰ দৰে আনন্দ, ক'ত আছে এই স্থান জানি লওক

ABOUT THE AUTHOR

...view details