নেশ্যনেল ডেস্ক,৩ মে': শহুৰ হৈছে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়ন । আনহাতে, জোঁৱাই হৈছে ডেমক্ৰেটিক য়ুথ ফেডাৰেছনৰ ৰাষ্ট্ৰীয় সভাপতি তথা বেইপ'ৰেৰ বিজয়ী প্ৰাৰ্থী পি এ মহম্মদ ৰিয়াজ । নতুন চৰকাৰ গঠনৰ বাবে একেলগে সাজু হৈছে শহুৰ-জোঁৱাই । ৰিয়াজ হৈছে বিজয়নৰ কন্যা বীণাৰ স্বামী ৷
এইবাৰ বিধানসভা নিৰ্বাচনত গৃহ সমষ্টি কন্নুৰ জিলাৰ ধৰ্মাদমৰ পৰা ৫০ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত জয়ী হৈছে পিনাৰায়ী বিজয়ন । ইফালে, ৪৪ বছৰীয়া পি এ মহম্মদ ৰিয়াজ বাওঁপন্থীৰ দুৰ্গ কোজিকোডৰ বেইপ'ৰেৰ পৰা নিৰ্বাচিত হৈছে । যদিও বিগত বছৰবোৰত বহু ৰাজনীতিবিদক নিজ কন্যাৰ সৈতে সদনত উপস্থিত থকা দেখা গৈছিল ৷ কিন্তু প্ৰথমবাৰৰ বাবে এইবাৰ সদনত একেলগে উপস্থিত থাকিব শহুৰ আৰু জোঁৱাই ।
২০০৯ চনৰ বিধানসভা নিৰ্বাচনতো কোজিকোডৰ পৰা ৰিয়াজে প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও তেওঁ পৰাজিত হৈছিল । ২০২০ চনৰ ১৫ জুনত মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱন ক্লিফ হাউচত বীণা আৰু ৰিয়াজৰ বিবাহ সম্পন্ন হয় । উল্লেখ্য যে, ৰাজ্যখনৰ আন আন ৰাজনীতিবিদসকলৰ আত্মীয়ও যোৱা ৬ এপ্ৰিলত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল যদিও তেওঁলোকৰ বহুতেই বিফল হৈছিল ।