অসম

assam

ETV Bharat / bharat

Pilgrimage Priests Protest in Kedarnath: কেদাৰনাথ তীৰ্থযাত্ৰী পুৰোহিতৰ প্ৰতিবাদ, আজি কেদাৰনাথ বন্ধৰ আহ্বান - কেদাৰনাথ ধামৰ তীৰ্থযাত্ৰী পুৰোহিত

কেদাৰনাথত 24 ঘন্টাৰ বাবে ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধৰ ঘোষণা ৷ চৰকাৰৰ ভুল নীতিৰ বিৰোধিতাৰে এই প্ৰতিবাদ কেদাৰনাথ ধামৰ পুৰোহিতসকলৰ ৷

Pilgrimage Priests Protest in Kedarnath
কেদাৰনাথ তীৰ্থযাত্ৰী পুৰোহিতৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 9:20 AM IST

নিউজ ডেস্ক,16 ছেপ্টেম্বৰ : চৰকাৰে লোৱা কিছু ভুল নীতিৰ বিৰোধিতাৰে কেদাৰনাথত 24 ঘন্টাৰ বাবে ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধৰ ঘোষণা কৰিছে কেদাৰনাথ ধামৰ পুৰোহিতসকলে ৷ কাৰণ 2013 চনত কেদাৰনাথ দুৰ্যোগত ক্ষতিগ্ৰস্ত পুৰোহিতসকলৰ বাবে ভৱন নিৰ্মাণ নকৰাত ক্ষুব্ধ হৈ পৰিছে ৷ দীৰ্ঘদিনীয়া দাবীৰ পাচতো চৰকাৰে কোনো গুৰুত্ব প্ৰদান কৰা নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ ফলত পুৰোহিতসকলে কেদাৰনাথ ধামৰ যাত্ৰাস্থলীৰ পৰা ষ্টপলৈকে ব্যৱসায় প্ৰতিষ্ঠান বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে । সেয়ে কেদাৰপুৰীৰ বজাৰসমূহ 16 ছেপ্টেম্বৰত বন্ধ থাকিব । যাৰ বাবে তীৰ্থযাত্ৰীসকলে বহু অসুবিধাৰ সন্মুখীন হ’ব ।

কেদাৰনাথ বাণিজ্য সংস্থাৰ সভাপতি চান্দি প্ৰসাদ তিৱাৰীয়ে কয় যে, চৰকাৰৰ ভুল নীতিৰ বিৰুদ্ধে কেদাৰনাথৰ পৰা ভৈৰৱ গডেৰলৈকে সমগ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ 24 ঘণ্টাৰ বাবে বন্ধ ৰখা হ'ব । সকলো ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ সম্পূৰ্ণৰূপে বন্ধ ৰাখিব লাগিব ৷ যদিহে ব্যৱসায়ীসকলে তেওঁলোকৰ দোকান বন্ধ নকৰে তেন্তে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব । তেওঁ কয়,‘‘যদি চৰকাৰে ইয়াৰ পাচতো সাৰ নাপায়, তেন্তে 18 ছেপ্টেম্বৰৰ পৰা আমি অনিৰ্দিষ্টকালৰ বাবে অনশন কৰিম ।’’

কেদাৰনাথ ধামৰ তীৰ্থযাত্ৰী পুৰোহিতসকলৰ মন্তব্য অনুসৰি, 2013 চনৰ কেদাৰনাথ ধামত হোৱা দুৰ্যোগত তীৰ্থযাত্ৰী পুৰোহিতসকলৰ ভৱনসমূহ ক্ষতিগ্ৰস্ত হৈছিল । তেতিয়াৰ পৰা পুনৰ ভৱন নিৰ্মাণৰ দাবী কৰি আহিছিল তীৰ্থযাত্ৰী পুৰোহিতসকলে ৷ ইফালে দুৰ্যোগৰ পাচত কিছু ভৱন প্ৰশাসনে ভাঙি পেলাইছিল । এই ক্ষেত্ৰত তেওঁলোকৰ পৰা কোনো মতামত লোৱা নাছিল । উল্লেখ্য যে উক্ত ভৱনসমূহ মন্দিৰৰ ওপৰত নিৰ্মাণ কৰা হৈছে । এনে পৰিস্থিতিত ধামৰ পৰম্পৰা অধিক বেয়া হৈছে বুলি অভিযোগ কৰিছিল কেদাৰনাথ ধামৰ পুৰোহিতসকলে । 2013 চনৰ দুৰ্যোগৰ পূৰ্বে তীৰ্থযাত্ৰী পুৰোহিতসকলে তেওঁলোকৰ কিছুমান সমস্যা সমাধানৰ দাবীৰ বাবে আন্দোলন কৰিছিল, কিন্তু সেই আন্দোলনৰ ফল পোৱা নাছিল ।

লগতে পঢ়ক:Priyanka Gandhi Writes to PM Modi : হিমাচলৰ দুৰ্যোগ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰিয়ংকা গান্ধীৰ

ABOUT THE AUTHOR

...view details