অসম

assam

ETV Bharat / bharat

ক’ভিড সম্পৰ্কত চৰকাৰৰ স্থিতি স্পষ্টৰ নিৰ্দেশ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ

ত্ৰিপুৰা চৰকাৰক মহামাৰীৰ দ্বিতীয় ঢৌৰ সৈতে যুঁজিবলৈ ৰাজ্যখনে চলোৱা প্ৰস্তুতি সন্দৰ্ভত এসপ্তাহৰ ভিতৰত জবাবদিহি হোৱাকৈ জাননী প্ৰদান কৰে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে ৷ অধিবক্তা ভাস্কৰ দেৱবৰ্মাৰ দ্বাৰা দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থৰ গোচৰৰ শুনানি গ্ৰহণ কৰি এই সিদ্ধান্ত গ্ৰহণ কৰে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে ৷

pil-on-covid-management-tripura-hc-serves-notice-to-state-government
ক’ভিডৰ প্ৰস্তুতি সম্পৰ্কে ৰাজ্য চৰকাৰৰ স্থিতি বিচাৰিলে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে

By

Published : May 25, 2021, 12:52 PM IST

আগৰতলা,25 মে’:ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে সোমবাৰে ত্ৰিপুৰা চৰকাৰক মহামাৰীৰ দ্বিতীয় ঢৌৰ সৈতে যুঁজিবলৈ ৰাজ্যখনে চলোৱা প্ৰস্তুতি সন্দৰ্ভত এসপ্তাহৰ ভিতৰত জবাবদিহি হোৱাকৈ এখন জাননী প্ৰেৰণ কৰে ।

উল্লেখযোগ্য যে, মুখ্য ন্যায়াধীশ এ কুৰেশ্বী আৰু ন্যায়াধীশ এছ তালাপাত্ৰৰ বিচাৰপীঠে অধিবক্তা ভাস্কৰ দেৱবৰ্মাৰ দ্বাৰা দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থৰ গোচৰৰ শুনানি গ্ৰহণ কৰে ৷ অভিযোগকাৰীৰ হৈ উপস্থিত থকা অধিবক্তা ৰুমেলা গুহে কয়, "আমি আমাৰ মোকৰ্দমাৰ জৰিয়তে তিনিটা বিষয় উত্থাপন কৰিছো । ইয়াৰে প্ৰথমটো বিষয় হৈছে, স্থানীয় ট্ৰাইজ প্ৰণালীৰ ব্যৱহাৰ ।

উল্লেখ্য যে, মুম্বাইৰ বিএমচিত ক’ভিড আক্ৰান্ত ৰোগীসকলৰ স্বাস্থ্যৰ স্থিতি সাপেক্ষে তেওঁলোকৰ স্বাস্থ্যসেৱা নিশ্চিত কৰাৰ বাবে এক ট্ৰাইজ প্ৰণালী প্ৰস্তুত কৰা হৈছে । দিল্লীত এই প্ৰণালী সঠিক ৰূপায়ণৰ অভাৱত ব্যৰ্থ হৈছে ৷ কিন্তু ট্ৰাইজ প্ৰণালীৰ সঠিক ৰূপায়ণৰ ফলত মুম্বাইত সংক্ৰমণৰ সংখ্যা হ্ৰাস হ'বলৈ আৰম্ভ হৈছে" ৷

পৰৱৰ্তী দুটা বিষয়ত অধিবক্তা গৰাকীয়ে কয় যে, আবেদনকাৰী ভাস্কৰ দেৱবৰ্মাই অক্সিজেন, ঔষধ, সঁজুলি, ভেণ্টিলেটৰ আৰু অন্যান্য লাগতিয়াল সামগ্ৰীৰ উপলব্ধতা সম্পৰ্কে ৰাজ্য চৰকাৰৰ পৰা জানিব বিচাৰিছে । আনহাতে, আদালতে আবেদনখনৰ শুনানিৰ পিছত ৰাজ্য চৰকাৰক জাননী জাৰি কৰি এসপ্তাহৰ ভিতৰত উত্তৰ প্ৰদানৰ নিৰ্দেশ দিয়ে ।

অধিবক্তা গৰাকীয়ে লগতে জনায় যে, সকলো ক’ভিড-19 সম্পৰ্কীয় আবেদন একত্ৰিত কৰা হৈছে আৰু এসপ্তাহৰ পিছত শুনানি ৰখাৰ বাবে সময় নিৰ্ধাৰণ কৰা হৈছে । ইফালে গুহৰ উপৰিও অধিবক্তা নীহাৰিকা শৰ্মা, ধ্ৰুবজ্যোতি সাহা, মৃণ্ময় দেৱনাথ অভিযোগকাৰী দেৱবাৰ্মাৰ হৈ উপস্থিত আছিল । আনহাতে, অধিবক্তা জেনেৰেল সিদ্ধাৰ্থ শংকৰ দে-এ ৰাজ্য চৰকাৰৰ পক্ষত ওকালতিৰ দায়িত্ব পালন কৰে ।

লগতে পঢ়ক :য়াছৰ ফলত ওড়িশা-পশ্চিমবংগৰ সীমান্তত ভূমিস্খলনৰ সম্ভাৱনা

ABOUT THE AUTHOR

...view details