অসম

assam

ETV Bharat / bharat

SC Notices to Centre : বিধানসভা নিৰ্বাচনত ভোটাৰক উৎকোচ দিয়াৰ অভিযোগ; কেন্দ্ৰ, নিৰ্বাচন আয়োগক জাননী ছুপ্ৰিম কোৰ্টৰ - Supreme court of India

উচ্চতম ন্যায়ালয়ে মধ্যপ্ৰদেশ, ৰাজস্থানৰ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে দাখিল কৰা পিআইএল সন্দৰ্ভত কেন্দ্ৰ আৰু নিৰ্বাচন আয়োগৰ পৰা সঁহাৰি বিচাৰিছে । পিআইএলত এই দুয়োখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভোটাৰক বিনামূলীয়াকৈ ধন বিতৰণৰ অভিযোগ উত্থাপন কৰিছে । আদালতে ভট্টুল জৈনৰ দ্বাৰা দাখিল কৰা পিআইএলৰ ওপৰত এই জাননী জাৰি কৰিছে ।

SC Notices to Centre
SC Notices to Centre

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 4:13 PM IST

নিউজ ডেস্ক, ৬ অক্টোবৰ :কেন্দ্ৰ আৰু নিৰ্বাচন আয়োগলৈ উচ্চতম ন্যায়ালয়ৰ জাননী । বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভোটাৰসকলক উৎকোচ দিয়াৰ বাবে কৰদাতাৰ ধন ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰা এখন পিআইএলৰ ওপৰত শুকুৰবাৰে দেশৰ শীৰ্ষ ন্যায়ালয়ে এই জাননী জাৰি কৰে । শীৰ্ষ ন্যায়ালয়ে মধ্যপ্ৰদেশ, ৰাজস্থানৰ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে দাখিল কৰা ৰাজহুৱা স্বাৰ্থজড়িত গোচৰ সন্দৰ্ভত কেন্দ্ৰ আৰু নিৰ্বাচন আয়োগৰ পৰা সঁহাৰি বিচাৰিছে । পিআইএলত এই দুয়োখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভোটাৰসকলক বিনামূলীয়াকৈ ধন বিতৰণৰ অভিযোগ উত্থাপন কৰা হৈছে ।

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰক লৈ গঠিত এখন বিচাৰপীঠে কেন্দ্ৰ, নিৰ্বাচন আয়োগৰ লগতে ভাৰতীয় ৰিজাৰ্ভ বেংককো এই জাননী জাৰি কৰিছে । পিআইএলত ভোটাৰসকলক প্ৰলোভিত কৰিবলৈ দুয়োখন ৰাজ্য চৰকাৰৰ দ্বাৰা কৰদাতাৰ ধনৰ অপব্যৱহাৰৰ অভিযোগত আপত্তি কৰা হৈছে ।

"নিৰ্বাচনৰ পূৰ্বে চৰকাৰে নগদ ধন বিতৰণ কৰাতকৈ বেছি জঘন্য একো হ'ব নোৱাৰে । এইটো প্ৰতিবাৰেই হৈ আছে আৰু এই বোজা গৈ অৱশেষত কৰদাতাসকলৰ ওপৰত পৰে ।" আবেদনকাৰীক প্ৰতিনিধিত্ব কৰা অধিবক্তাই কয় । "জাননী জাৰি কৰা হৈছে । চাৰি সপ্তাহৰ ভিতৰত ইয়াৰ উত্তৰ বিচৰা হৈছে ।" উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে কয় ।

আদালতে ভট্টুল জৈনে দাখিল কৰা পিআইএলৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক বিষয়টোৰ ওপৰত অমীমাংসিত আবেদনৰ সৈতে টেগ কৰিবলৈ নিৰ্দেশ দিয়ে । সংশ্লিষ্ট নিৰ্বাচনত জয়লাভৰ দৌৰত ৰাজনৈতিক দলবোৰে বিভিন্ন শ্ৰেণীৰ ভোটাৰক বিনামূলীয়া প্ৰতিশ্ৰুতি দিয়া আৰু অধিকসংখ্যক আঁচনি ঘোষণা কৰিবলৈ প্ৰতিযোগিতা কৰি আহিছে বুলিও উল্লেখ কৰা হৈছে ।

লগতে পঢ়ক :ECI Meeting : দিল্লীত নিৰ্বাচন আয়োগৰ গুৰুত্বপূৰ্ণ বৈঠকৰ আহ্বান

ABOUT THE AUTHOR

...view details