নেশ্যনেল ডেস্ক,৫ জানুৱাৰী :আমি সকলোৱে পাৰ চৰাইক শান্তিৰ প্ৰতীক হিচাপে জানো (Pigeon symbol of peace)। কিন্তু পাৰ চৰাইৰ গতিশক্তি, সংবেদনশীলতা আৰু স্মৃতিশক্তিৰ বিষয়ে আপুনি কিমান জানে ? এনেবোৰ গুণৰ অধিকাৰী এটা পাৰ চৰাইৰ কথা আমি ক'ব বিচাৰিছো । যিটো পাৰ চৰাইয়ে ছাবৰিমালা মন্দিৰৰ পৰা ৪ দিনৰ যাত্ৰাৰ অন্তত উপস্থিত হৈছিল চিত্ৰদুৰ্গত (Pigeon flew for 4 days and reached home)।
উল্লেখ্য যে কেৰালাৰ চিত্ৰদুৰ্গ জিলাৰ মোলাকালমুৰু মৌজাৰ মেগালাহাট্টি গাঁৱৰ ভেঙ্কটেশৰ পাৰ চৰাই পোহাৰ চখ আছে । আনহাতে তেওঁ আয়াপ্পা স্বামীৰ পৰম ভক্ত । সেয়েহে, শেহতীয়াকৈ তেওঁ স্বামীৰ দৰ্শন কৰিবলৈ ছাবৰিমালালৈ গৈছিল । একে সময়তে, ভেঙ্কটেশে তেওঁৰ মৰমৰ পাৰ চৰাইটোকো এটা বাকচত ভৰাই লগত লৈ গৈছিল । তেওঁ কেইবা বছৰ ধৰি পাৰ চৰাই পোহপাল দি আহিছে । এইবাৰ তেওঁ পাৰ চৰাইৰ গতিশক্তি, সংবেদনশীলতা আৰু স্মৃতিশক্তি জনাৰ লক্ষ্যৰে ছাবৰিমালাৰ পৰা পাৰটো মুকলি কৰি দিলে ।
পাৰ চৰাইবোৰ উৰি যোৱাটো অতি সাধাৰণ কথা । কিন্তু এনেদৰে উৰি যোৱাৰ সময়ত প্ৰায় ঈগল বা বৃহৎ মাংসভোজী পক্ষীৰ চিকাৰো হয় এই পাৰ চৰাই । কিন্তু এই পাৰ চৰাইটো ব্যতিক্ৰম আছিল । সকলোকে আচৰিত কৰি ৪ দিনৰ অন্তত মেগালাহাট্টি গাঁৱৰ নিজৰ বাহত পৰিছিল চৰাইটো । পক্ষী সংৰক্ষক ভেঙ্কটেশে কোৱা মতে এটা প্ৰশিক্ষিত পাৰ চৰাইয়েহে এনেদৰে সঠিক পথেৰে উৰি যাব পাৰে ।