নেচনেল ডেস্ক, ১৬ আগষ্ট:স্পাইচজেটে বিমান লেচাৰ গোশ্বক এভিয়েচন আৰু ইয়াৰ সহযোগী সংস্থাসমূহৰ সৈতে থকা বিবাদ নিষ্পত্তিৰ বাবে এক মীমাংসাত উপনীত হৈছে (SpiceJet announced settlement with aircraft lessor Goshawk Aviation)। মঙলবাৰে স্পাইচজেট কৰ্তৃপক্ষই এই সন্দৰ্ভত কয় যে দুখন বোয়িং ৭৩৭ মেক্স বিমান আৰু এখন বোয়িং ৭৩৭-৮০০ এনজি বিমান সন্দৰ্ভত লেচাৰ গোশ্বক এভিয়েচন আৰু ইয়াৰ সহযোগী সংস্থাসমূহৰ সৈতে লীজ চুক্তিৰ অধীনত মীমাংসাত উপনীত হ'বলৈ সক্ষম হৈছে । স্পাইচজেটৰ এক বিবৃতিত উল্লেখ কৰা হৈছে যে গোশ্বক এভিয়েচন লিমিটেড হৈছে স্পাইচজেটৰ মেক্স বিমানৰ অন্যতম মুখ্য লেচাৰ । ইয়াৰ লগে লগে গোশ্বকৰ সৈতে মীমাংসাৰ সমান্তৰাল ভাবে কানাডা লিমিটেডৰ ডি হেভিলেণ্ড এয়াৰক্ৰাফ্ট, ক্ৰেডিট চুইচ, বোয়িং,চিডিবি এভিয়েচন, বিঅ'চি এভিয়েচন আৰু এভলনৰ লগত সম্পৰ্ক স্বভাৱিক হোৱাৰ দিশে অগ্ৰসৰ হৈছে।
উল্লেখ্য় যে দীৰ্ঘদিন ধৰি স্পাইচজেট আৰু গোশ্বকৰ মাজত চলি আছে বিবাদ । সেয়েহে স্পাইচজেট আৰু গোশ্বকে তিনিখন বিমানৰ বাবে বিমান লীজ চুক্তিৰ অধীনত তেওঁলোকৰ সকলো বিবাদ নিষ্পত্তি কৰিবলৈ সন্মত হৈছে । এতিয়া দিল্লী উচ্চ ন্যায়ালয় আৰু ইংলেণ্ডৰ আদালতত চলি থকা সকলো প্ৰক্ৰিয়া প্ৰত্যাহাৰ কৰিবলৈ দুয়োপক্ষ সন্মত হৈছে ।