অসম

assam

ETV Bharat / bharat

মহাকৰ্ষণীয় ক্ষেত্ৰত ইলেক্ট্ৰ’ন, প্ৰট’ন, নিউট্ৰ’ন আৰু নিউট্ৰিন’ৰ পৰ্যায় পৰিৱৰ্তন

ভাৰতীয় দুই গৱেষকৰ এক সমীক্ষাত পোহৰলৈ আহিছে যে, লেকট্ৰ’ন, প্ৰট’ন, নিউট্ৰ’ন, নিউট্ৰিন’ আদি কণাসমূহৰ (Particles) কিছুমান সালসলনি কেৱল চুম্বকীয় ক্ষেত্ৰৰ সলনি হোৱাৰ ফলতেই নহয়, ই মধ্যাকৰ্ষণ ক্ষেত্ৰৰ উপস্থিতিৰ ফলতো হ’ব পাৰে ৷ গৱেষক দ্বয়ৰ এই উদ্ভাৱনে কোৱাণ্টাম পৰিঘটনাৰ (quantum Phenomena)ক আৰু অধিক ভালদৰে বুজাত সহায়ক হ’ব ৷

Phase change in electron, proton, neutron and neutrino in gravitational fields
মহাকৰ্ষণীয় ক্ষেত্ৰত ইলেক্ট্ৰ’ন, প্ৰট’ন, নিউট্ৰ’ন আৰু নিউট্ৰিন’ৰ পৰ্যায় পৰিৱৰ্তন

By

Published : Nov 23, 2021, 12:21 PM IST

নেশ্যনেল ডেস্ক, 23 নৱেম্বৰ : Raman Research Institute আৰু বেংগালুৰুৰ Indian Institute of Science ৰ গৱেষকসকলে চলোৱা সমীক্ষাত পোহৰলৈ আহিছে যে ইলেকট্ৰ’ন, প্ৰট’ন, নিউট্ৰ’ন, নিউট্ৰিন’ আদি কণাসমূহৰ (Particles) কিছুমান সাল-সলনি কেৱল চুম্বকীয় ক্ষেত্ৰৰ সলনি হোৱাৰ ফলতেই নহয়, ই মাধ্যাকৰ্ষণ ক্ষেত্ৰৰ উপস্থিতিৰ ফলতো হ’ব পাৰে ৷

গৱেষকসকলৰ এই উদ্ভাৱনে কোৱাণ্টাম পৰিঘটনা(quantum Phenomena)ক আৰু অধিক ভালদৰে বুজাত সহায়ক হ’ব ৷ ইয়াৰ উপৰিও ই কোৱাণ্টাম পৰিঘটনাৰে (quantum Phenomena) জড়িত মাধ্যাকৰ্ষণ ক্ষেত্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত জ্যামিতিক প্ৰভাৱৰ লগতে ই সৰ্বোচ্চ (primordial) ‘কৃষ্ণগহ্বৰ’ (Black Holes)ৰ অস্তিত্বৰ ওপৰতো পোহৰ পেলাব ৷

বিভিন্ন চুম্বকীয় ক্ষেত্ৰত এটা কোৱাণ্টাম কণাই ইয়াৰ বিৱৰ্তনৰ সময়ত এটা অতিৰিক্ত পৰ্যায় প্ৰাপ্ত কৰে যাক "Pancharatnam-Berry phase" বুলি কোৱা হয় ৷

Aharonov আৰু Bohm ৰ বাবে চুম্বকীয় সম্ভাৱনা থকা এটি জ্যামিতিক এফেক্ট (geometric effect)ৰ বিস্ফোৰণ ঘটে ৷ যিহেতু চুম্বকীয় আৰু মাধ্যাকৰ্ষণীয় ক্ষেত্ৰ দুয়োটাই জ্যামিতিক চৰিত্ৰৰ হয়, গতিকে ধৰণা কৰা হয় যে, একেধৰণৰ জ্যামিতিক এফেক্ট দুয়োটা ক্ষেত্ৰৰ ভিতৰত এটাত দেখা দিয়ে ৷ যদিও মাধ্যাকৰ্ষণীয় ক্ষেত্ৰৰ বাবে ই গুৰুত্বহীন ৷

ভাৰতীয় গৱেষকসকলে মাধ্যাকৰ্ষণীয় ক্ষেত্ৰৰ এই জ্যামিতিক এফেক্ট পোন প্ৰথমবাৰৰ বাবে ধৰা পেলাবলৈ সক্ষম হৈছে ৷ তেওঁলোকে পৃষ্ঠভূমি মাধ্যাকৰ্ষণ ক্ষেত্ৰত আপেক্ষিকতাবাদী শাসনত ‘basic quantum mechanical technique’ ব্যৱহাৰ কৰি ইয়াক উন্মোচন কৰিছিল ৷

Raman Research Institute ৰ গৱেষক তনুমন ঘোষ আৰু Indian Institute of Science ৰ গৱেষক বাণীব্ৰত মুখোপাধ্যায়ৰ এই গৱেষণা পত্ৰখন International Journal of Modern Physics ত প্ৰকাশ পাইছে ৷ এই পত্ৰখনে মাধ্যাকৰ্ষণীয় আৰু চুম্বকীয় ক্ষেত্ৰৰ বাবে সৃষ্টি হোৱা এফেক্টসমূহৰ মাজৰ সামঞ্জস্যক দৰ্শাইছে ৷

প্ৰায় 1,015 গ্ৰাম আৰু অলপ বেছি ভৰৰ কৃষ্ণগহ্বৰৰ স্থানবোৰ মাধ্যাকৰ্ষণীয় পৃষ্ঠভূমিত জ্যামিতিক প্ৰভাৱ চিনাক্ত কৰাৰ বাবে সম্ভৱতঃ সৰ্বশ্ৰেষ্ঠ প্ৰাৰ্থী হ'ব । লেখকসকলৰ মতে, Fermi Gamma-Ray Space টেলিস্কোপৰ দ্বাৰা নিৰ্দিষ্ট সৰু হস্তক্ষেপৰ আৰ্হিৰ পৰ্যবেক্ষণে প্ৰাথমিক কৃষ্ণগহ্বৰ (primordial black hole)ৰ অস্তিত্বৰ ওপৰত আলোকপাত কৰিব ।

লগতে পঢ়ক :NASAৰ LROৰ সৈতে সংঘৰ্ষ হোৱাৰ পৰা ৰক্ষা পৰিল Chandrayaan-2 Orbiter

ABOUT THE AUTHOR

...view details