অসম

assam

ETV Bharat / bharat

COVID-১৯ৰ প্ৰতিষেধকঃ ভাৰতত ব্যৱহাৰৰ বাবে জনোৱা আবেদন প্ৰত্যাহাৰ কৰিব ফাইজাৰে - ঔষধ নিৰ্মাণকাৰী প্ৰতিষ্ঠান.

ভাৰতত COVID-১৯ৰ প্ৰতিষেধক জৰুৰীকালীনভাৱে ব্যৱহাৰ কৰাৰ অনুমোদন বিচাৰি জনোৱা আবেদন প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ফাইজাৰে । যোৱা ৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা বৈঠকৰ পিছতে ফাইজাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে ।

COVID-১৯ৰ প্ৰতিষেধকঃ ভাৰতত ব্যৱহাৰৰ বাবে জনোৱা আবেদন প্ৰত্যাহাৰ কৰিব ফাইজাৰে
COVID-১৯ৰ প্ৰতিষেধকঃ ভাৰতত ব্যৱহাৰৰ বাবে জনোৱা আবেদন প্ৰত্যাহাৰ কৰিব ফাইজাৰে

By

Published : Feb 5, 2021, 3:40 PM IST

নেশ্যনেল ডেস্ক, ৫ ফেব্ৰুৱাৰী: ভাৰতত জৰুৰীকালীনভাৱে ব্যৱহাৰ কৰা নহয় ফাইজাৰে প্ৰস্তুত কৰা COVID-১৯ৰ প্ৰতিষেধক । ভাৰতত COVID-১৯ৰ প্ৰতিষেধক জৰুৰীকালীনভাৱে ব্যৱহাৰ কৰাৰ অনুমোদন বিচাৰি ঔষধ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে আবেদন জনাইছিল । কিন্তু এতিয়া ফাইজাৰে এই আবেদন প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ফাইজাৰৰ মুখপাত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা ৩ ফেব্ৰুৱাৰীত ঔষধ নিয়ন্ত্ৰক কৰ্তৃপক্ষৰ বিশেষজ্ঞ কমিটীৰ বৈঠকত অংশগ্ৰহণ কৰিছিল ফাইজাৰৰ বিষয়ববীয়াই ।

বৈঠকত হোৱা আলোচনাৰ ওপৰত ভিত্তি কৰি আৰু ঔষধ নিয়ন্ত্ৰক কৰ্তৃপক্ষই বিচৰা অতিৰিক্ত তথ্যসমূহৰ বিষয়ে অৱগত হোৱাৰ পিছত ঔষধ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে সম্প্ৰতি আবেদন প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লয় । ফাইজাৰৰ মুখপাত্ৰগৰাকীয়ে জনোৱা মতে, ঔষধ নিয়ন্ত্ৰক কৰ্তৃপক্ষৰ সৈতে ফাইজাৰে যোগাযোগ ৰাখিব আৰু অতিৰিক্ত তথ্যসমূহ দাখিল কৰি অনুমোদন লাভৰ বাবে পুনৰ আবেদন জনাব ।

লগতে পঢ়ক:ৰাজোৰী জিলাৰ পৰা নিৰুদ্দেশ দুজন বিএছএফ কনিষ্টবল

ABOUT THE AUTHOR

...view details