অসম

assam

ETV Bharat / bharat

ভাৰতলৈ ৭০ নিযুত ডলাৰ মূল্যৰ ঔষধ সাহায্য ফাইজাৰৰ - ভাৰতলৈ ফাইজাৰৰ ৭০ নিযুত ডলাৰ মূল্যৰ ঔষধ সাহায্য

আমেৰিকাৰ ঔষধ কোম্পানী ফাইজাৰে ভাৰতলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, ইউৰোপ আৰু এছিয়াৰ বিতৰণ কেন্দ্ৰসমূহৰ পৰা ৭০ নিযুত আমেৰিকান ডলাৰ (৫১০ কোটিতকৈও অধিক) মূল্যৰ ঔষধ প্ৰেৰণ কৰিছে । এই ঔষধসমূহক ভাৰতৰ ক'ভিড-১৯ চিকিৎসা প্ৰট'কলৰ অংশ হিচাপে চিনাক্ত কৰা হৈছে ।

Pfizer donates USD 70 mn worth COVID-19 treatment drugs to India
ভাৰতলৈ ফাইজাৰৰ ৭০ নিযুত ডলাৰ মূল্যৰ ঔষধ প্ৰেৰণ

By

Published : May 3, 2021, 5:18 PM IST

নেশ্যনেল ডেস্ক,৩ মে': অতিমাৰীৰ সংকটত এতিয়া ভাৰত । সমগ্ৰ দেশ কৰ'ণাৰ গ্ৰাসত । দেশৰ এই সংকটকালত সহায় কৰিবলৈ বিশ্বৰ কেবাখনো দেশ আগবাঢ়ি আহিছে । আমেৰিকাৰ ঔষধ কোম্পানী ফাইজাৰে ভাৰতলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, ইউৰোপ আৰু এছিয়াৰ বিতৰণ কেন্দ্ৰসমূহৰ পৰা ৭০ নিযুত আমেৰিকান ডলাৰ (৫১০ কোটিতকৈও অধিক) মূল্যৰ ঔষধ প্ৰেৰণ কৰিছে । এই ঔষধসমূহক ভাৰতৰ ক'ভিড-১৯ চিকিৎসা প্ৰট'কলৰ অংশ হিচাপে চিনাক্ত কৰা হৈছে । এই কথা সোমবাৰে ফাইজাৰ কোম্পানীৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া এলবাৰ্ট বাৰ্লাই কয় । ভাৰতৰ এই সংকটকালত পাৰ্যমানে সহায় কৰিবলৈ তেওঁলোকে ইচ্ছুক বুলি মন্তব্য কৰে বিষয়াগৰাকীয়ে ।

সমগ্ৰ দেশৰ প্ৰতিখন চিকিৎসালয়ৰ প্ৰতিজন ক'ভিড ৰোগীয়ে যাতে বিনামূলীয়াকৈ প্ৰয়োজন হোৱা ফাইজাৰৰ ঔষধ লাভ কৰিব পাৰে, সেই উদ্দেশ্যে ফাইজাৰে বিশ্বৰ কেবাখনো দেশত সাহায্য হিচাপে আগবঢ়াই আহিছে বুলি কয় ফাইজাৰ কোম্পানীৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া এলবাৰ্ট বাৰ্লাই ।

বৰ্তমান সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰ, ইউৰোপ আৰু এছিয়াৰ বিতৰণ কেন্দ্ৰসমূহত ফাইজাৰৰ কৰ্মীসকলে ফাইজাৰ ঔষধৰ ৰপ্তানিৰ তাৎক্ষণিক ব্য়ৱস্থা গ্ৰহণ কৰিছে । সেইবাবে ইয়াক ভাৰত চৰকাৰে ক'ভিড-১৯ চিকিৎসা প্ৰট'কলৰ অংশ হিচাপে চিনাক্ত কৰিছে বুলি কয় বাৰ্লাই ।

লগতে পঢ়ক: সোমবাৰৰ পৰা দিল্লীত তৃতীয় পৰ্যায়ৰ টীকাকৰণ অভিযান আৰম্ভ

ABOUT THE AUTHOR

...view details