নেশ্যনেল ডেস্ক, 4 অক্টোবৰ:দেশত ইছলামিক মৌলবাদৰ পুলি পোখা উভালি পেলাবলৈ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এ এন আই)ৰ নেতৃত্বত 10 খন ৰাজ্যত অভিযান চলাই পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া (পি এফ আই)ৰ শতাধিক সদস্যক গ্ৰেপ্তাৰ কৰাৰ এসপ্তাহৰ পিছতে কৰ্ণাটকত পুনৰ মৌলবাদী সংগঠনটোৱে মুৰ দাঙি উঠাৰ ইংগিত পোৱা গৈছে (PFI will come back)৷ প্ৰদেশখনৰ দক্ষিণ কানাড়া জিলাৰ বাণ্টৱালা নামৰ অঞ্চলত "আমি পুনৰ আহিম" বুলি ৰাজপথত পি এফ আইয়ে লিখি থোৱা শ্ল’গান আৱিষ্কাৰ কৰি অঞ্চলটোৰ ৰাইজ আতংকিত হৈ পৰিছে (Warning message Alert PFI will be back)৷
দক্ষিণ কানাড়া জিলাৰ বাণ্টাৱালা মৌজাৰ অন্তৰ্গত পিলাথাবেট্টু গাঁৱৰ স্নেহাগিৰিত মংগলবাৰী বুৱাই গাঁওবাসীয়ে ৰাজপথত "আমি পুনৰ আহি আছো: পি এফ আই " বুলি লিখি থোৱা শ্ল’গান দেখিবলৈ পায় ৷ আতংকিত গাঁওবাসীয়ে লগে লগে সমগ্ৰ বিষয়টো স্থানীয় পুঞ্জলকাট্টে আৰক্ষী থানাক অৱগত কৰে ৷ লগতে শ্ল’গান লিখনত জড়িতসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ৷ আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত কোনো লোকক গ্ৰেপ্তাৰ কৰা নাই ৷
প্ৰণিধানযোগ্য যে, ভাৰতবৰ্ষত ইছলামিক মৌলবাদৰ হাল পেলাই প্ৰধানকৈ মুছলমান সম্প্ৰদায়ৰ যুৱকসকলক দেশ আৰু চৰকাৰৰ বিৰুদ্ধে প্ৰৰোচিত কৰাৰ অভিযোগত পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া চমুকৈ পি এফ আইৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ এই আই এয়ে দেশজুৰি তালাচী অভিযান চলাই 10 খন ৰাজ্যৰ পৰা প্ৰায় দুই শতাধিক পিএফ আইৰ নেতা কৰ্মীক গ্ৰেপ্তাৰ কৰিছিল ৷