নিউজ ডেস্ক, ২০ অক্টোবৰ : পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া চমুকৈ পিএফআই ছুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হৈছে । কেন্দ্ৰৰ দ্বাৰা আৰোপ কৰা পাঁচ বছৰীয়া নিষেধাজ্ঞা নিশ্চিত কৰি বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (ইউএপিএ) ন্যায়াধিকৰণক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত আবেদন জনাইছে পিএফআয়ে ।
উল্লেখ্য যে কেন্দ্ৰই আইএছআইএছৰ দৰে বিশ্বজনীন সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সম্পৰ্ক থকা আৰু দেশত সাম্প্ৰদায়িক বিদ্বেষ বিয়পাবলৈ চেষ্টা কৰাৰ অভিযোগত পিএফআইক পাঁচ বছৰৰ বাবে নিষিদ্ধ কৰিছিল ।
বিষয়টো ন্যায়াধীশ অনিৰুদ্ধ বসু আৰু বেলা এম ত্ৰিবেদীৰ বিচাৰপীঠৰ সন্মুখত শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছিল । আনহাতে, বিচাৰপীঠে বিষয়টো স্থগিত ৰাখি কয় যে আবেদনকাৰীয়ে স্থগিতৰ বাবে এখন পত্ৰ প্ৰেৰণ কৰিছে । উল্লেখ্য যে পিএফআয়ে ইউএপিএ ন্যায়াধিকৰণৰ ২১ মাৰ্চৰ আদেশক প্ৰত্যাহ্বান জনাইছে । ইয়াৰ দ্বাৰা কেন্দ্ৰৰ ২৭ ছেপ্টেম্বৰৰ সিদ্ধান্ত নিশ্চিত কৰিছিল ।