অসম

assam

ETV Bharat / bharat

পেট্ৰ'লৰ মূল্য হ্ৰাস নোহোৱাৰ কাৰণ বৰ্ণনা কৰিলে মন্ত্ৰী হৰদীপ সিং পুৰীয়ে

পেট্ৰ'ল-ডিজেলৰ মূল্য ধাৰাবাহিকভাৱে বৃদ্ধি হৈ থকাৰ সময়তে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰী(Hardeep Singh Puri)য়ে । তেওঁ কয় যে, ৰাজ্যসমূহে ইন্ধনক জি এছ টিৰ আওতালৈ আনিব নিবিচৰা বাবে দেশত পেট্ৰ'লৰ মূল্য হ্ৰাস হোৱা নাই ।

Petrol prices in the country are not coming down
পেট্ৰ'লৰ মূল্য হ্ৰাস নোহোৱাৰ কাৰণ বৰ্ণনা কৰিলে মন্ত্ৰী হৰদীপ সিং পুৰীয়ে

By

Published : Sep 23, 2021, 6:30 PM IST

নেশ্যনেল ডেস্ক, ২৩ ছেপ্টেম্বৰ: ৰাজ্যসমূহে ইন্ধনক জি এছ টিৰ আওঁতালৈ আনিব নিবিচৰা বাবে দেশত পেট্ৰ'লৰ মূল্য হ্ৰাস হোৱা নাই । পশ্চিমবংগত পেট্ৰ'লৰ মূল্য ১০০ টকাৰো অধিক হোৱাৰ কাৰণ হৈছে তৃণমূল কংগ্ৰেছে অত্যাধিক কৰ আৰোপ কৰিছে । সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পুৰীয়ে কয় যে, "আপুনি যদি প্ৰশ্ন কৰে যে, পেট্ৰ'লৰ মূল্য হ্ৰাস হোৱাটো চৰকাৰে বিচাৰে নেকি, তেন্তে উত্তৰ হ'ব যে, হয় বিচাৰে । যদি প্ৰশ্ন উত্থাপন হয় যে, পেট্ৰ'লৰ মূল্য কিয় হ্ৰাস হোৱা নাই, তেন্তে সেই প্ৰশ্নৰ উত্তৰ হ'ব যে, ৰাজ্যসমূহে ইন্ধনক জি এছ টিৰ আওতালৈ আনিব বিচৰা নাই আৰু সেয়ে, দেশত পেট্ৰ'লৰ মূল্য হ্ৰাস হোৱা নাই ।

তেওঁ কয় যে, কেন্দ্ৰই প্ৰতি লিটাৰ পেট্ৰ'লত কৰ হিচাপে ৩২ টকা আদায় কৰে । যেতিয়া ইন্ধনৰ মূল্য প্ৰতি বেৰেলত ১৯ মাৰ্কিন ডলাৰ আছিল, তেতিয়া চৰকাৰে প্ৰতি লিটাৰত ৩২ টকা আদায় কৰিছিল আৰু আমি এতিয়াও চৰকাৰে একেই কৰ আদায় কৰি আছে । আনকি যেতিয়া ইন্ধনৰ মূল্য প্ৰতি বেৰেলত ৭৫ মাৰ্কিন ডলাৰলৈ বৃদ্ধি হৈছিল, তেতিয়াও চৰকাৰে একে পৰিমাণৰ মাচুল আদায় কৰে । লগতে চৰকাৰে বিনামূলীয়া ৰেচন, বিনামূলীয়া আৱাস আৰু উজ্জ্বলা আঁচনিৰো ব্যৱস্থা কৰিছে বুলি তেওঁ মন্তব্য কৰে ।

পুৰীয়ে কয় যে, পশ্চিমবংগ চৰকাৰে জুলাই মাহত পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত ৩.৫১ টকাকৈ বৃদ্ধি কৰিছিল, ফলত পেট্ৰ'লৰ মূল্যই ১০০ৰ ঘৰ অতিক্ৰম কৰিছিল । কেন্দ্ৰীয় মন্ত্ৰী পুৰীয়ে বুধবাৰে পশ্চিমবংগৰ ভৱানীপুৰত উপ-নিৰ্বাচনৰ বাবে প্ৰচাৰ চলায় ।

উল্লেখ্য যে, সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী প্ৰিয়ংকা টিব্ৰুৱাল আৰু চিপিআই(এম)ৰ শ্ৰীজীৱ বিশ্বাসৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিব তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী তথা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী । কেন্দ্ৰীয় মন্ত্ৰী পুৰীয়ে তৃণমূল কংগ্ৰেছক কটাক্ষ কৰি কয় যে, যদি ভৱানীপুৰ সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল পূৰ্ব নিৰ্ধাৰিত হৈ আছে, তেন্তে ৰাজ্যিক কেবিনেটে সমষ্টিটোত কিয় প্ৰচাৰ চলাই আছে ? তেওঁ লগতে কয় যে, তেওঁ দল বিজয়ী হোৱাটো নিশ্চিত ।

পঞ্জাৱৰ ৰাজনীতি হোৱা পৰিৱৰ্তন সন্দৰ্ভত পুৰীয়ে কয় যে, পঞ্জাৱ কংগ্ৰেছৰ বৰ্তমানৰ অৱস্থাই কংগ্ৰেছৰ অন্তিম পৰিণতিকে প্ৰতিফলিত কৰিছে । আনহাতে, নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে, আফগানিস্তানৰ সংকটে প্ৰমাণ কৰিছে যে, এই আইনখন কিয় প্ৰয়োজনীয় । এই আইনখনৰ বিৰোধিতা কৰাটো এক প্ৰকাৰৰ মুৰ্খামি বুলি তেওঁ মন্তব্য কৰে ।

লগতে পঢ়ক:বেংগালুৰুত পুনৰ বিস্ফোৰণ : নিহত 3

ABOUT THE AUTHOR

...view details