অসম

assam

ETV Bharat / bharat

অনাগত মাহত পুনৰ বৃদ্ধি হ'ব পেট্ৰ'ল-ডিজেলৰ মূল্য ! - খাৰুৱা তেল

ইতিমধ্যে পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধিয়ে জ্বলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক । ইয়াৰ মাজতে আন এক উদ্বেগজনক খবৰ । অহা মাহবোৰত পুনৰ বৃদ্ধি হ'ব এই দুয়োবিধ ইন্ধনৰ মূল্য । কিন্তু কিয় বাঢ়িব ? কি কয় শক্তি বিশেষজ্ঞই ?

Energy expert
অনাগত মাহত পুনৰ বৃদ্ধি হ'ব পেট্ৰ'ল ডিজেলৰ মূল্য

By

Published : Nov 5, 2021, 10:40 AM IST

নেশ্যনেল ডেস্ক, ৫ নৱেম্বৰ :সম্প্ৰতি দেশত পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিয়ে সমস্যাত পেলাইছে সাধাৰণ ৰাইজক । ধাৰাবাহিকভাৱে বৃদ্ধি হৈছে দুয়োবিধ ইন্ধনৰ মূল্য । ইয়াৰ মাজতে সৰ্বসাধাৰণ ৰাইজৰ বাবে আন এক চিন্তাৰ খবৰ । অনাগত মাহত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য পুনৰ বৃদ্ধি পাব ।

শক্তি বিশেষজ্ঞ (Energy expert) নৰেন্দ্ৰ তানেজাৰ এই গুৰুত্বপূৰ্ণ মন্তব্যই এতিয়া সকলোতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । তেওঁৰ কোৱা মতে ভাৰতে তেল আমদানি কৰে । আজি দেশখনে মুঠ ব্যৱহাৰ কৰা তেলৰ প্ৰায় ৮৬ শতাংশই আমদানি কৰিবলগীয়া হয় । তেলৰ মূল্য কোনো চৰকাৰৰ হাতত নাথাকে ।

তেওঁৰ মতে পেট্ৰ'ল আৰু ডিজেল দুয়োটাই নিয়ন্ত্ৰণমুক্ত সামগ্ৰী । ২০১০ চনৰ জুলাই মাহতে সেই সময়ৰ মনমোহন সিঙৰ চৰকাৰে পেট্ৰ'লৰ ওপৰত নিয়ন্ত্ৰণ হীনতা (deregulation) কাৰ্যকৰী কৰে । আনহাতে ২০১৪ চনত মোডী চৰকাৰে ডিজেল নিয়ন্ত্ৰণমুক্ত কৰে । তেওঁ লগতে কয় যে আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ মূল্য বৃদ্ধিৰ মুখ্য কাৰণ হৈছে ক'ভিড মহামাৰী ।

যেতিয়াই চাহিদা আৰু যোগানৰ ভাৰসাম্যহীনতা থাকে তেতিয়াই মূল্য বৃদ্ধি হয় । দ্বিতীয় কাৰণটো হ'ল তেল খণ্ডত বিনিয়োগৰ অভাৱ কিয়নো চৰকাৰবোৰে সৌৰ শক্তিৰ দৰে নৱীকৰণযোগ্য বা সেউজ শক্তি খণ্ডক প্ৰচাৰ কৰি আছে । তেওঁ উল্লেখ কৰা মতে অনাগত মাহবোৰত খাৰুৱা তেল অধিক ব্যয়বহুল হ'ব । বিশেষজ্ঞগৰাকীয়ে আশংকা কৰা মতে ২০২৩ চনত খাৰুৱা তেলৰ (Crude oil) মূল্য ১০০ টকালৈ বৃদ্ধি হ'ব পাৰে ।

ইফালে পেট্ৰ'ল আৰু ডিজেলৰ ওপৰত আবকাৰী শুল্ক হ্ৰাস কৰাৰ কেন্দ্ৰৰ পদক্ষেপৰ কাৰণ সম্পৰ্কে সোধাত তানেজাই কয় যে যেতিয়া তেলৰ মূল্য কম হয়, চৰকাৰে আবকাৰী শুল্ক বৃদ্ধি কৰে, যেতিয়া তেল অত্যাধিক ব্যয়বহুল হয়, চৰকাৰে আবকাৰী শুল্ক হ্ৰাস কৰে । ক'ভিড মহামাৰীৰ সময়ত তেলৰ ব্যৱহাৰ আৰু বিক্ৰী ৪০ শতাংশলৈ হ্ৰাস পাইছিল আৰু পাছত ই ৩৫ শতাংশলৈ হ্ৰাস পাইছিল । যেতিয়া বিক্ৰী কমি আহে, চৰকাৰৰ উপাৰ্জন স্বয়ংক্ৰিয়ভাৱে হ্ৰাস হয় । কিন্তু এতিয়া সেই বিক্ৰী প্ৰাক-ক'ভিড সময়ৰ দৰে ঘূৰি আহিছে ।

দ্বিতীয় কাৰণটো উল্লেখ কৰি তেওঁ কয় যে জিএছটি (GST) সংগ্ৰহে অৰ্থনৈতিক পুনৰুদ্ধাৰৰ বাবে ইতিবাচক লক্ষণ সূচায় । চৰকাৰখন আগৰ তুলনাত তুলনামূলকভাৱে আৰামদায়ক স্থিতিত আছে । লগতে, আমাৰ অৰ্থনীতি ডিজেলৰ ওপৰত নিৰ্ভৰ কৰে ।

যদি ডিজেলৰ মূল্য বাঢ়ি যায় সকলো বস্তুৰ মূল্য বৃদ্ধি হয় । সেয়ে এই বিষয়বোৰ বিবেচনা কৰি চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য কৰে । তানেজাই আশা প্ৰকাশ কৰি কয় যে পেট্ৰ'ল আৰু ডিজেলক জিএছটিত অন্তৰ্ভুক্ত কৰিলে অধিক সকাহ পোৱা যাব আৰু অধিক স্বচ্ছতা থাকিব ।

উল্লেখ্য যে গ্ৰাহকসকলক কিছু সকাহ দিয়াৰ উদ্দেশ্যে বিত্ত মন্ত্ৰালয়ে বুধবাৰে পেট্ৰ'লৰ ওপৰত প্ৰতি লিটাৰত ৫ টকা কৈ আবকাৰী শুল্ক হ্ৰাস আৰু ডিজেলৰ ওপৰত আবকাৰী শুল্ক ১০ টকা হ্ৰাস কৰাৰ কথা ঘোষণা কৰে ।

লগতে পঢ়ক :জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ নিয়ন্ত্ৰণৰ বাবে অধিক নিৰাপত্তা বাহিনী মোতায়েন

ABOUT THE AUTHOR

...view details