অসম

assam

ETV Bharat / bharat

পুনৰ বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য - মুম্বাইত পেট্ৰ'লৰ মূল্য

মঙলবাৰে দেশৰ ৪ খন মেট্ৰ' চিটিত পুনৰ বৃদ্ধি পালে পেট্ৰ'ল(Petrol) আৰু ডিজেল(Diesel)ৰ মূল্য । দিল্লীত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ১০১.৩৯ টকা, মুম্বাইত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য হ'লগৈ 107.47 টকা ।

Petrol and diesel price hike
পুনৰ বৃদ্ধি পালে পেট্ৰ'ল, ডিজেলৰ মূল্য

By

Published : Sep 28, 2021, 1:45 PM IST

নেশ্যনেল ডেস্ক, ২৮ ছেপ্টেম্বৰ: বিগত কেইবামাহো ধৰি ইন্ধনৰ মূল্যই মাধমাৰ শোধাই আহিছে সাধাৰণ ৰাইজক । মঙলবাৰেও দেশত বৃদ্ধি পালে পেট্ৰ'ল(Petrol) আৰু ডিজেল(Diesel)ৰ মূল্য । দিল্লী, মুম্বাই আৰু কলকাতাত পেট্ৰ'লৰ মূল্য ১০০ টকাৰো অধিক হৈয়ে থাকে । দিল্লীত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ০.২০ টকা বৃদ্ধি পায় আৰু আৰু পেট্ৰ'লৰ নতুন মূল্য হয়গৈ ১০১.৩৯ টকা ।

আনহাতে, একেৰাহে দ্বিতীয় দিনাৰ বাবে ডিজেলৰ মূল্যও বৃদ্ধি হয় । মঙলবাৰে দিল্লীত প্ৰতি লিটাৰ ডিজেলত ০.২৫ টকা বাঢ়ে । ৰাজধানী চহৰখনত প্ৰতি লিটাৰ ডিজেলৰ নতুন মূল্য হৈছে ৮৯.৫৭ টকা । মুম্বাইত পেট্ৰ'লৰ মূল্য ০.২১ টকা বৃদ্ধি হোৱাৰ পিছত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ১০৭.৪৭ টকালৈ বৃদ্ধি হয় ।

ডিজেলৰ দাম ০.২৭ বৃদ্ধিৰ পিছত প্ৰতি লিটাৰ ডিজেলৰ মূল্য হয়গৈ ৯৭.২১ টকা । কলকাতাত পেট্ৰ'লৰ মূল্য ১০১ টকালৈ বৃদ্ধি হয় । ইফালে, চেন্নাইত পেট্ৰ'লৰ মূল্য ০.১৯ টকা বৃদ্ধি হোৱাৰ পিছত প্ৰতি লিটাৰ পেট্ৰ'ল ৯৯.১৫ টকাত ক্ৰয় কৰিবলগীয়া হৈছে গ্ৰাহকে ।

আনহাতে, ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৯৪.১৭ টকা হয় । একেৰাহে দ্বিতীয় দিনাৰ বাবে ডিজেলৰ মূল্য প্ৰতি লিটাৰত ০.২৪ টকাকৈ বৃদ্ধি হয় । তেল বিপণন কোম্পানীবোৰে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য সংশোধন কৰে । সমগ্ৰ দেশতে ইন্ধনৰ মূল্য বৃদ্ধি কৰা হৈছে আৰু মূল্য-সংযোজন কৰৰ ওপৰত নিৰ্ভৰ কৰি ৰাজ্য ভেদে ইন্ধনৰ মূল্য পৃথক হোৱা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: বলিজৰ প্ৰধানমন্ত্ৰী আৰু বৈদেশিক মন্ত্ৰীক সাক্ষাৎ এছ জয়শংকৰৰ

ABOUT THE AUTHOR

...view details