নেশ্যনেল ডেস্ক, ১০ মে': দেশজুৰি অব্যাহত আছে কৰ'ণা সংক্ৰমণ । সমান্তৰালকৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়েও জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজক । দেওবাৰৰ তুলনাত পেট্ৰ'লত ২৬ পইচা আৰু ডিজেলত ৩৩ পইচাকৈ বৃদ্ধি পাইছে । এই বৃদ্ধিৰ পিছত ৰাজধানী চহৰ দিল্লীত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য হৈছে ৯১.৫৩ টকা আৰু ডিজেলত ৮২.০৬ টকা ।
দুদিনৰ ব্যৱধানত দেশত পুনৰ পেট্ৰ'লজাত সামগ্ৰীৰ মূল্যবৃদ্ধি - পেট্ৰ'লৰ মূল্যবৃদ্ধি
সোমবাৰে দেশত বৃদ্ধি পেট্ৰ'লজাত সামগ্ৰীৰ মূল্য । পেট্ৰ'ল আৰু ডিজেলৰ প্ৰতি লিটাৰত বৃদ্ধি ক্ৰমে ২৬ পইচা আৰু ৩৩ পইচা । এই বৃদ্ধিৰ পিছত ৰাজধানী চহৰ দিল্লীত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য হৈছে ৯১.৫৩ টকা আৰু ডিজেলত ৮২.০৬ টকা ।
দুদিনৰ ব্যৱধানৰ পাচত পুনৰ দেশত পেট্ৰ'লজাত সামগ্ৰীৰ মূল্যবৃদ্ধি
আনহাতে, মুম্বাইত পেট্ৰ'লৰ প্ৰতি লিটাৰৰ মূল্য হৈছে ৯৭.৮৬ টকা আৰু ডিজেলত ৮৯.১৭ টকা । কলকাতাত আকৌ প্ৰতি লিটাৰ পেট্ৰ'লত ৯১.৬৬ টকা আৰু ডিজেলত ৮৪.৯০ টকা । চেন্নাইত প্ৰতি লিটাৰ পেট্ৰ'লত ৯৩.৩৮ টকা আৰু ডিজেলত ৮৬.৯৬ টকা । যোৱা দুটা দিনত কিছু পৰিমাণে হ্ৰাস পাইছিল পেট্ৰ'লজাত সামগ্ৰীৰ মূল্য ।
লগতে পঢ়ক: ত্ৰিপুৰাত স্থাপন কৰা হ'ব ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়