নিউজ ডেস্ক, 14 অক্টোবৰ : বৃহস্পতিবাৰে পুনৰ সমগ্ৰ দেশতে বৃদ্ধি পালে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য ৷ ৰাজধানী চহৰ দিল্লীত প্ৰতি লিটাৰ পেট্ৰ'ল আৰু প্ৰতি লিটাৰ ডিজেলৰ মূল্য ০.৩৫ পইচা বৃদ্ধি পাইছে ৷ ইয়াৰ লগতে দিল্লীত প্ৰতি লিটাৰ পে’ট্ৰলৰ মূল্য ১০৪.৭৯ টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য হৈছে প্ৰতি লিটাৰত ৯৩.৫২ টকা ।
ভাৰতৰ বিত্তীয় ৰাজধানী হিচাপে জনাজাত মুম্বাইত পেট্ৰ'লৰ মূল্য ০.৩৪ টকা বৃদ্ধি হৈ প্ৰতি লিটাৰৰ মূল্য হয়গৈ ১১০.৭৫ টকা আৰু ডিজেলৰ মূল্য ০.৩৭ টকা বৃদ্ধি হৈ প্ৰতি লিটাৰত ১০১.৪ টকা হয় । একেদৰে মধ্য প্ৰদেশৰ ভূপালত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য হয় ক্ৰমে ১১৩.৩৭ টকা আৰু ১০২.৬৬ টকা, পশ্চিমবংগৰ কলকাতাত ক্ৰমে ১০৫.৪৩ টকা আৰু ৯৬.৬৩ টকা আৰু চেন্নাইত ক্ৰমে ১০২.১০ টকা আৰু ৯৭.৯৩ টকা ।