নেশ্যনেল ডেস্ক, 1 নৱেম্বৰ : অত্যাৱশ্যকীয় সামগ্ৰীয়ে হওক নতুবা ইন্ধনৰ মূল্যই হওক, এতিয়া মূল্যবৃদ্ধি শব্দটো তেনেই পৰিচিত হৈ পৰিছে ৷ বজাৰত সকলো সামগ্ৰীৰ জুই চাই দাম অব্যাহত থকাৰ মাজতে ধাৰাবাহিকভাৱে বৃদ্ধি হৈয়ে আছে ইন্ধনৰ মূল্য ৷
সোমবাৰে সমগ্ৰ দেশতে একেৰাহে ষষ্ঠ দিনৰ বাবে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰা হৈছিল ৷ দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত সোমবাৰৰ দিনটোত প্ৰতি লিটাৰত ৩৫ পইচা বৃদ্ধিৰ সৈতে, পেট্ৰ'লৰ মূল্যই স্পৰ্শ কৰিছে ১০৯.৬৯ টকা ৷ সমহাৰত ডিজেলৰ মূল্য বৃদ্ধি হৈ হৈছেগৈ ৯৮.৪২ ৷ মুম্বাইত পেট্ৰ'ল-ডিজেলৰ মূল্য প্ৰতি লিটাৰত ক্ৰমান্বয়ে 115.50 টকা আৰু 106.62 টকালৈ বৃদ্ধি কৰা হৈছে ।
দেশৰ অন্যতম গুৰুত্বপূৰ্ণ মহানগৰ হিচাপে পৰিচিত কলকাতাত আজিৰ দিনটোত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য 110.35 টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য হৈছে 101.56 টকা ৷ একেদৰে চেন্নাইত এই মূল্য হৈছে 106.35 টকা প্ৰতি লিটাৰ পেট্ৰ’লত আৰু 102.59 টকা প্ৰতি লিটাৰ ডিজেলত ৷