অসম

assam

ETV Bharat / bharat

Fuel price hike : দুসপ্তাহত 9.20 টকা বৃদ্ধি পালে পেট্ৰ’লৰ মূল্য - ২২ মাৰ্চৰ পৰা প্ৰতিদিনে বাঢ়ি আছে ইন্ধনৰ মূল্য

মঙলবাৰেও বাঢ়িল ইন্ধনৰ মূল্য (Fuel price hike) । যোৱা ১৩ দিন ধৰি একেৰাহে বাঢ়ি আছে পেট্ৰ'ল-ডিজেলৰ মূল্য । মঙলবাৰে পুনৰ ৮০ পইচাকৈ প্ৰতি লিটাৰ পেট্ৰ'ল-ডিজেলত মূল্য বৃদ্ধি হয় । ২ সপ্তাহত প্ৰতি লিটাৰ পেট্ৰ’ল-ডিজেলত মুঠ বৃদ্ধি হ'ল ৯.২০ টকা ।

Fuel price hike
প্ৰতিদিনে বৃদ্ধি পাইছে পেট্ৰ'ল ডিজেলৰ মূল্য

By

Published : Apr 5, 2022, 10:51 AM IST

নেশ্যনেল ডেস্ক,৫ এপ্ৰিল :যোৱা ২২ মাৰ্চৰ পৰা প্ৰতিদিনে বাঢ়ি আছে ইন্ধনৰ মূল্য । মঙল পুনৰ বাঢ়িল পেট্ৰ'ল-ডিজেলৰ মূল্য । পেট্ৰ'ল-ডিজেলৰ মূল্য প্ৰতি লিটাৰত বৃদ্ধি পালে ৮০ পইচাকৈ (Petrol and diesel prices hike) । যোৱা ২ সপ্তাহত প্ৰতি লিটাৰ পেট্ৰ’ল-ডিজেলত মুঠ বৃদ্ধিৰ হাৰ ৯.২০ টকা (Fuel price hike consecutively) ৷

এই বৃদ্ধিৰ লগে লগে ৰাজধানী চহৰ দিল্লীত আজিৰ দিনটোত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত হ'লগৈ ১০৪.৬১ টকা আৰু প্ৰতি লিটাৰ ডিজেলত ৯৫.৮৭ টকা হৈছে গৈ (Petrol and diesel price in Delhi) । ইয়াৰ পূৰ্বে সোমবাৰে দিল্লীত পেট্ৰ'লৰ মূল্য আছিল ১০৩.৮১ টকা আৰু ডিজেলৰ প্ৰতি লিটাৰত ৯৫.০৭ টকা আছিল ।

ইফালে সমগ্ৰ দেশতে পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধি হৈছে । গুৱাহাটীত আজিৰ দিনটোত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য 104.77 টকা আৰু ডিজেলৰ মূল্য 90.56 টকা হৈছেগৈ ৷

অৱশ্যে স্থানীয় কৰ ভিন্ন হোৱা বাবে প্ৰতিখন ৰাজ্যতে পেট্ৰ'ল-ডিজেলৰ মূল্যও বেলেগ বেলেগ । আনহাতে, বিগত বছৰৰ নৱেম্বৰ মাহৰ পৰা পেট্ৰ'ল-ডিজেলৰ মূল্য স্থিৰ আছিল যদিও ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধৰ ফলত বিগত ১৩ দিন ধৰি একেৰাহে ইন্ধনৰ মূল্য বৃদ্ধি হৈ আছে ।

ইফালে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যৰ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ইন্ধনৰ মূল্য আৰু বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে । ইয়াৰ পোনপটীয়া প্ৰভাৱ আন আন খাদ্য সামগ্ৰীৰ বজাৰতো পৰা দেখা গৈছে । দেশজুৰি আন আন সামগ্ৰীৰো মূল্য বৃদ্ধি হৈছে । যাৰ বাবে বিপদত পৰিছে সাধাৰণ জনতা ।

বিৰোধী কংগ্ৰেছে মূল্য বৃদ্ধিৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (Congress protest against price hike)। মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ চৰকাৰৰ বিৰুদ্ধে ভিন্ন প্ৰান্তত প্ৰতিবাদী সমদল উলিয়াইছে দলটোৱে ।

লগতে পঢ়ক :Fuel price hike continuously : প্ৰতিদিনে ঊৰ্ধমুখী ইন্ধনৰ মূূল্য

ABOUT THE AUTHOR

...view details