নেশ্যনেল ডেস্ক, ৩ এপ্ৰিল :বিগত প্ৰায় দুসপ্তাহ ধৰি বাঢ়িয়ে আছে ইন্ধনৰ মূল্য । দেওবাৰে পুনৰ বাঢ়িল পেট্ৰ'ল-ডিজেলৰ মূল্য । পেট্ৰ'ল-ডিজেলৰ মূল্য প্ৰতি লিটাৰত বৃদ্ধি পালে ৮০ পইচাকৈ (Petrol and diesel prices hike) । প্ৰায় ২ সপ্তাহত প্ৰতি লিটাৰ পেট্ৰ’ল-ডিজেলত মুঠ বৃদ্ধিৰ হাৰ ৮ টকা (Fuel price hike consecutively) ৷
এই বৃদ্ধিৰ লগে লগে ৰাজধানী চহৰ দিল্লীত আজিৰ দিনটোত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত হ'লগৈ ১০৩.৪১ টকা আৰু প্ৰতি লিটাৰ ডিজেলত ৯৪.৬৭ টকা হৈছেগৈ (Petrol and diesel price in Delhi) । ইয়াৰ পূৰ্বে শনিবাৰে দিল্লীত পেট্ৰ'লৰ মূল্য আছিল ১০২.৬১ টকা আৰু ডিজেলৰ প্ৰতি লিটাৰত ৯৩.৮৭ টকা আছিল । ইফালে সমগ্ৰ দেশতে পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধি হৈছে । অৱশ্যে স্থানীয় কৰ ভিন্ন হোৱা বাবে প্ৰতিখন ৰাজ্যতে পেট্ৰ'ল-ডিজেলৰ মূল্যও বেলেগ বেলেগ ।