নেশ্যনেল ডেস্ক,৬ এপ্ৰিল :পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ ধাৰা অব্যাহত আছে । যোৱা ২২ মাৰ্চৰ পৰা প্ৰতিদিনে বাঢ়ি আছে ইন্ধনৰ মূল্য । বুধবাৰে পুনৰ প্ৰতি লিটাৰ পেট্ৰ'ল-ডিজেলত ৮০ পইচাকৈ বৃদ্ধি হ'ল (Petrol and diesel prices hike) । যোৱা ১৬ দিনত প্ৰতি লিটাৰ পেট্ৰ’ল-ডিজেলত মুঠ বৃদ্ধিৰ হাৰ ১০ টকা (Fuel price hike consecutively) ৷
এই বৃদ্ধিৰ লগে লগে ৰাজধানী চহৰ দিল্লীত আজিৰ দিনটোত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত হ'লগৈ ১০৫.৪১ টকা আৰু প্ৰতি লিটাৰ ডিজেলত ৯৬.৬৭ টকা হৈছে গৈ (Petrol and diesel price in Delhi) । ইয়াৰ পূৰ্বে মঙলবাৰে ৮০ পইচাকৈ বৃদ্ধিৰ ফলত দিল্লীত পেট্ৰ'লৰ মূল্য আছিল ১০৬.৬১ টকা আৰু ডিজেলৰ প্ৰতি লিটাৰত ৯৫.৮৭ টকা আছিল । ইফালে সমগ্ৰ দেশতে পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধি হৈছে । গুৱাহাটীত আজিৰ দিনটোত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ১০৫.৫৭ টকা আৰু ডিজেলৰ মূল্য ৯১.৩৬ টকা হৈছেগৈ ৷
অৱশ্যে স্থানীয় কৰ ভিন্ন হোৱা বাবে প্ৰতিখন ৰাজ্যতে পেট্ৰ'ল-ডিজেলৰ মূল্যও বেলেগ বেলেগ । আনহাতে, বিগত বছৰৰ নৱেম্বৰ মাহৰ পৰা পেট্ৰ'ল-ডিজেলৰ মূল্য স্থিৰ আছিল যদিও ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধৰ ফলত বিগত ১৪ দিন ধৰি একেৰাহে ইন্ধনৰ মূল্য বৃদ্ধি হৈ আছে ।