নেশ্যনেল ডেস্ক, 15 জুলাই : বৃহস্পতিবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য । প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য 34 পইচাৰ পৰা 35 পইচালৈ আৰু ডিজেলৰ মূল্য 15 পইচাৰ পৰা 16 পইচালৈ বৃদ্ধি কৰা হয় । ইয়াৰ লগে লগে পেট্ৰ'ল-ডিজেলৰ মূল্যই শতকৰ ঘৰ অতিক্ৰম কৰে ৷
ৰাজধানী দিল্লীত পেট্ৰ'লৰ মূল্য 101.54 টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত 89.87 টকা হৈছে । দেশৰ অধিকাংশ মহানগৰত বৰ্তমান পেট্ৰ'লৰ মূল্যই শতকৰ ঘৰ অতিক্ৰম কৰিছে ৷ ইয়াৰ বিপৰীতে ডিজেলৰ মূল্য শতক স্পৰ্শ কৰাৰ দিশে ৷ দেশৰ আগশাৰীৰ 10 খন চহৰত পেট্ৰ’ল-ডিজেলৰ মূল্য বৃহস্পতিবাৰৰ দিনটোত এনেধৰণৰ-
চহৰৰ নাম পেট্ৰ’ল/লিটাৰ ডিজেল/লিটাৰ
- মুম্বাই 107.54 97.45
- হায়দৰাবাদ 105.52 97.96
- বেংগালুৰু 104.94 95.26
- চেন্নাই 102.23 94.39
- কলকাতা 101.74 93.02
- নতুন দিল্লী 101.54 89.87
- ভূপাল 109.89 98.67
- জয়পুৰ 108.4 99.02
- পাটনা 103.91 95.51
- ইন্দোৰ 109.97 98.76