অসম

assam

ETV Bharat / bharat

Fuel price hike : আঠ দিনত সপ্তম বাৰলৈ বাঢ়িল পেট্ৰ'ল-ডিজেলৰ মূল্য

সাধাৰণ জনতা ওপৰত মাধমাৰ সোধাই মঙলবাৰে পুনৰ পেট্ৰ'ল আৰু ডিজেলৰ মূল্য বৃদ্ধি (Petrol and diesel prices rise again)। মঙলবাৰে প্ৰতি লিটাৰ পেট্ৰ'লত ৮০ পইচা আৰু ডিজেলত ৭০ পইচাকৈ বৃদ্ধি পায় । ৰাজধানী দিল্লীত পেট্ৰ'লৰ মূল্য বৰ্তমান প্ৰতি লিটাৰত ১০০.২১ টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৯১.৪৭ টকা ।

Fuel price hike
একেৰাহে সপ্তম দিনাও বাঢ়িল পেট্ৰ'ল ডিজেলৰ মূল্য

By

Published : Mar 29, 2022, 12:52 PM IST

নেশ্যনেল ডেস্ক, ২৯ মাৰ্চ :ক্ৰমাগতভাৱে বৃদ্ধি হৈ আছে পেট্ৰ'ল-ডিজেলৰ মূল্য (Petrol and diesel prices hike)। মঙলবাৰ পৰ্যন্ত আঠ দিনত সাতবাৰ বৃদ্ধি পালে পেট্ৰ’পণ্যৰ মূল্য (Fuel price hiked for 7th consecutive day)। মঙলবাৰে প্ৰতি লিটাৰ পেট্ৰ'ল ৮০ পইচা আৰু ডিজেলত ৭০ পইচাকৈ বৃদ্ধি হ'ল । ইয়াৰ লগে লগে পুনৰ প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্যই ১০০ টকা অতিক্ৰম কৰিলে ।

এসপ্তাহত প্ৰতি লিটাৰত মুঠ বৃদ্ধি হাৰ হৈছে ৪.৮০ টকা । তথ্য অনুসৰি দিল্লীত পেট্ৰ'লৰ মূল্য বৰ্তমান প্ৰতি লিটাৰত ১০০.২১ টকা (Petrol price in Delhi) আনহাতে ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৯১.৪৭ টকা হৈছে গৈ (Diesel price in Delhi)।

সমগ্ৰ দেশতে পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধি হৈছে । অৱশ্যে ৰাজ্যিক কৰ বেলেগ বেলেগ হোৱা বাবে প্ৰতিখন ৰাজ্যতে পেট্ৰ'ল-ডিজেলৰ মূল্যৰো তাৰতম্য আছে ।

উল্লেখ্য যে, উত্তৰ প্ৰদেশ, পাঞ্জাৱ আদি কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৪ নৱেম্বৰৰ পৰা পেট্ৰ'ল-ডিজেলৰ মূল্য স্থবিৰ হৈ আছিল । এই সময়ছোৱাত খাৰুৱা তেলৰ ব্যয় প্ৰতি বেৰেলত প্ৰায় ৩০ আমেৰিকান ডলাৰ বৃদ্ধি পাইছিল । ১০ মাৰ্চত ভোট গণনাৰ পাছতে পুনৰ বৃদ্ধি হৈছে পেট্ৰ'ল-ডিজেলৰ মূল্য । পেট্ৰ'ল-ডিজেলৰ মূল্য এনেদৰে প্ৰতিদিনে বৃদ্ধি হোৱাত এতিয়া সমস্যাত পৰিছে সৰ্বসাধাৰণ ৰাইজ ।

লগতে পঢ়ক :Petrol Diesel price hike: এসপ্তাহত ছবাৰ মূল্য বাঢ়িল পেট্ৰ’পণ্যৰ

ABOUT THE AUTHOR

...view details