অসম

assam

ETV Bharat / bharat

মুম্বাইত ১০০ ঘৰ অতিক্ৰম কৰিলে পেট্ৰ'লৰ মূল্যই - petrol

দেশত পেট্ৰ'ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি । মুম্বাইত সোমবাৰে প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য হৈছেগৈ ১০৫.৯২ টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ মূল্য় ৯৬.৯১ টকা । ইফালে, দিল্লীত ৯৯.৮৬ টকাত বিক্ৰী হৈছে প্ৰতি লিটাৰ পেট্ৰ'ল ।

Petrol close to Rs 100 in Delhi
দেশত পেট্ৰ'ল আৰু ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

By

Published : Jul 5, 2021, 4:38 PM IST

নেশ্যনেল ডেস্ক, ৫ জুলাই: প্ৰতি দিনে বৃদ্ধি হৈ গৈ আছে পেট্ৰ'ল-ডিজেলৰ মূল্য । ইন্ধন চালিত বাহনখন বাহিৰলৈ উলিয়াই নিওতে বাৰে বাৰে চিন্তা কৰিবলগীয়া হৈছে সাধাৰণ ৰাইজে । সোমবাৰৰ দিনটোত মুম্বাইত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য হৈছেগৈ ১০৫.৯২ টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ মূল্য় ৯৬.৯১ টকা । দিল্লী আৰু কলকাতাত ১০০ ঘৰ অতিক্ৰম কৰাৰ দিশে আগবাঢ়িছে পেট্ৰ'লৰ মূল্য ।

ৰাজধানী চহৰখনত সোমবাৰে ৯৯.৮৬ টকাত বিক্ৰী হৈছে প্ৰতি লিটাৰ পেট্ৰ'ল আৰু প্ৰতি লিটাৰ ডিজেলৰ মূল্য হৈছেগৈ ৮৯.৩৬ টকা । দেওবাৰে দিল্লীত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য আছিল ৯৯.৫১ টকা । সোমবাৰে ৩৫ পইচা বৃদ্ধি হৈছে । কলকাতাত পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত ৯৯.৪৫ টকাৰ পৰা ৯৯.৮৪ টকালৈ বৃদ্ধি পাইছে ।

ইন্ধনৰ মূল্যৰ পৰৱৰ্তী সংশোধনৰ পিছত কলকাতা আৰু দিল্লীত পেট্ৰ'লৰ মূল্যই ১০০ ঘৰ অতিক্ৰম কৰাৰ সম্ভাৱনা আছে । লগতে দেশৰ চাৰিখন মহানগৰ আৰু অন্যান্য মুখ্য চহৰত প্ৰতি লিটাৰ ইন্ধনৰ মূল্য ১০০ টকাৰো অধিক হ'ব । চেন্নাইতো প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ১০০.৭৫ টকা হৈছে ।

যোৱা সপ্তাহৰ দৰেই ইণ্ডিয়ান অইল কৰ্প'ৰেচনে সোমবাৰে ডিজেলৰ মূল্য অপৰিৱৰ্তিত ৰাখিছে, যাতে মূলতঃ ডিজেলৰ ওপৰত ভিত্তি কৰি চলি থকা পৰিবহন খণ্ডক সকাহ দিব পাৰি । বৰ্তমান দিল্লীত প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৮৯.৩৬ টকা । আনহাতে, মুম্বাই, চেন্নাই আৰু কলকাতাত প্ৰতি লিটাৰ ডিজেলৰ মূল্য ক্ৰমান্বয়ে ৯৬.৯১ টকা, ৯৩.৯১ টকা আৰু ৯২.২৭ টকা । ইন্ধনৰ মূল্যৰ ধাৰাবাহিক বৃদ্ধিৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত ইন্ধনৰ মূল্যবৃদ্ধিকে জগৰীয়া কৰিছে তৈল কোম্পানীবোৰৰ বিষয়াসকলে ।

লগতে মহামাৰীসৃষ্ট পৰিস্থিতিৰ মাজত চাহিদা বৃদ্ধি হোৱাৰ বাবে যোৱা কেইমাহমান ধৰি সামগ্ৰী আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধি হৈ আছে । অৱশ্যে, ভাৰতত ইন্ধনৰ খুচুৰা মূল্যৰ দিশটো ভালদৰে লক্ষ্য কৰিলে দেখা পোৱা যায় যে আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ মূল্য একে থকাৰ সময়তো ভাৰতত ইন্ধনৰ মূল্য বাঢ়িয়েই আছে । আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য এতিয়া প্ৰতি বেৰেলত প্ৰায় ৭৫ ডলাৰ । ২০১৮ চনৰ অক্টোবৰ মাহত প্ৰতি বেৰেলত খাৰুৱা তেলৰ মূল্য ৮০ ডলাৰৰো অধিক আছিল ।

কিন্তু তেতিয়াও, পেট্ৰ'লৰ মূল্য সমগ্ৰ দেশতে প্ৰতি লিটাৰত প্ৰায় ৮০ টকা আছিল । এতিয়া আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ মূল্য হ্ৰাস হোৱাৰ পিছতো পেট্ৰ'লৰ মূল্যই শতক স্পৰ্শ কৰিছে । বিশেষজ্ঞসকলৰ পৰামৰ্শ মতে, এই সময়ছোৱাত কেৱল কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সঠিক পদক্ষেপ লৈ খাৰুৱা তেলৰ খুচুৰা মূল্য হ্ৰাস কৰিব পাৰে ।

লগতে পঢ়ক:চলিত সপ্তাহত ৰাছিয়ালৈ যাব মন্ত্ৰী এছ জয়শংকৰ

ABOUT THE AUTHOR

...view details