নিউজ ডেস্ক, ১৬ জুন : মণিপুৰত নতুনকৈ সংঘটিত হৈছে হিংসাত্মক ঘটনা । বৃহস্পতিবাৰে নিশা ইম্ফলৰ কংবাত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী আৰ কে ৰঞ্জন সিঙৰ বাসগৃহ জ্বলাই দিয়াৰ অভিযোগ উত্থাপিত হৈছে । অৱশ্যে এই ঘটনাক মণিপুৰ চৰকাৰে নিশ্চিত কৰিছে ।
বৃহস্পতিবাৰে আবেলি ইম্ফলৰ নিউ চেকন এলেকাত উন্মত্ত জনতাই দুটা ঘৰত অগ্নিসংযোগ কৰাৰ পিছত এই ঘটনাটো সংঘটিত হয় । ঘটনাৰ তথ্য লাভ কৰাৰ পিছত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ কেৰালাৰ এৰ্নাকুলামত থকা ৰঞ্জন সিং মণিপুৰলৈ উভতি যায় ।
আনহাতে, কেৰালাত সাংবাদিকৰ সৈতে বাৰ্তালাপত ৰঞ্জন সিঙে কয় যে কেন্দ্ৰই উত্তৰ-পূবৰ ৰাজ্যখনত শান্তি পুনৰ স্থাপনৰ চেষ্টা কৰি আছে আৰু তাৰ মাজতে তেওঁৰ ঘৰ জ্বলাই দিয়াটো দুৰ্ভাগ্যজনক । "মণিপুৰত সংঘটিত হিংসাৰ কাৰণ হৈছে ভুল বুজাবুজি আৰু সংঘৰ্ষ পৰিহাৰ কৰিবলৈ সকলো প্ৰচেষ্টা কৰা হৈছে । দুয়োটা গোটৰ মাজত সংঘৰ্ষৰ ফলতে এই হিংসাত্মক ঘটনা সংঘটিত হৈছে ।" তেওঁ লগতে কয় ।
ৰঞ্জন সিঙৰ মতে, কেন্দ্ৰই আৰম্ভণিৰে পৰা শান্তিৰ বাবে প্ৰচেষ্টা চলাই আহিছে । "চৰকাৰে পৰিস্থিতি শান্ত কৰিবলৈ সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিব ।" তেওঁ লগতে যোগ দিয়ে যে তেওঁৰ গৃহৰাজ্যৰ এই সমস্যা 'ধৰ্মীয়' নহয় ।