নেশ্যনেল ডেস্ক, ১৭ অক্টোবৰ :দেশত বৃদ্ধি হৈয়ে আছে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য । পেট্ৰ'লিয়ামজাত সামগ্ৰীৰ মূল্য প্ৰতিদিনে আকাশলংঘী হৈছে । দেওবাৰেও পেট্ৰ'ল আৰু ডিজেলৰ মূল্য বৃদ্ধি পাইছে । তেল কোম্পানীবোৰে দেওবাৰে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য ৩৪ পইচাৰ পৰা ৩৫ পইচা পৰ্যন্ত বৃদ্ধি কৰিছে ।
কেৱল অক্টোবৰ মাহতে পেট্ৰ'লৰ মূল্য বৃদ্ধি হৈছে ৪.১০ টকা ৷ আনহাতে ডিজেলৰ মূল্য ৪.৩৫ টকাৰো অধিক বৃদ্ধি হৈছে । শেহতীয়া তথ্য অনুসৰি, ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত ১০৫.৮৪ টকা আৰু মায়ানগৰী মুম্বাইত প্ৰতি লিটাৰত ১১১.৭৭ টকা স্পৰ্শ কৰিছে । মুম্বাইত এতিয়া ডিজেলৰ প্ৰতি লিটাৰত ১০২.৫২ টকা আনহাতে দিল্লীত ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৯৪.৫৭ টকা ।
পেট্ৰ'ল আৰু ডিজেলৰ মূল্যই এতিয়া সাধাৰণ ৰাইজক বিভিন্ন ধৰণে অসুবিধাত পেলাইছে । ইন্ধনৰ মূল্যবৃদ্ধিক লৈ ৰাইজে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ।
ভাৰতৰ মুখ্য চহৰসমূহত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য :
চহৰখনৰ নাম | পেট্ৰ'ল | ডিজেল |
দিল্লী | ১০৫.৮৪ | ৯৪. ৫৭ |
মুম্বাই | ১১১.৭৭ | ১০২.৫২ |
কলকাতা | ১০৬.৪৫ | ৯৭.৮৮ |
চেন্নাই | ১০৩.০৫ | ৯৮.৮২ |
পেট্ৰ'ল আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৩৫ পইচা বৃদ্ধিৰ সৈতে একেৰাহে চতুৰ্থ দিনৰ বাবে বৃদ্ধি হ'ল দুয়োবিধ ইন্ধনজাত সামগ্ৰীৰ মূল্য । দেশৰ বেছিভাগ ঠাইতে সম্প্ৰতি পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত ১০০ টকাৰ ওপৰত ৷ আনহাতে মধ্য প্ৰদেশ, ৰাজস্থান, ওড়িশা, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, গুজৰাট, মহাৰাষ্ট্ৰ, ছত্তিশগড় আৰু বিহাৰকে ধৰি ১২ খনৰো অধিক ৰাজ্যত ডিজেলৰ মূল্য প্ৰতি লিটাৰ ১০০ টকা হৈছে । উল্লেখ্য যে স্থানীয় কৰ আৰু মালবাহীৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন ৰাজ্যত ইয়াৰ মূল্য পৃথক হয় ।