অসম

assam

By

Published : Oct 23, 2021, 12:20 PM IST

ETV Bharat / bharat

মোডীৰ অচ্ছে দিন : শনিবাৰেও বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য

অসাৰ প্ৰতিপন্ন হৈছে সাধাৰণ জনতাৰ আহ্বান, দল-সংগঠনৰ প্ৰতিবাদ । দেশবাসীৰ মূৰত ৰামটাঙোন শোধাই বাঢ়িয়েই আছে পেট্ৰ'ল-ডিজেলৰ মূল্য(Petrol-diesel price) । এই বৰ্ধিত মূল্য নিয়ন্ত্ৰণত একপ্ৰকাৰ ব্যৰ্থ হৈছে মোডী চৰকাৰ । ধাৰাবাহিকভাৱে চতুৰ্থ দিনৰ বাবে শনিবাৰে বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ দাম ।

Petrol and diesel price hike
শনিবাৰেও বৃদ্ধি পালে পেট্ৰ'লৰ মূল্য

নেশ্যনেল ডেস্ক, ২৩ অক্টোবৰ: ইন্ধন চালিত বাহনখন চলোৱাৰ পূৰ্বে পুনৰ এবাৰ ভাবিবলৈ বাধ্য হৈছে সাধাৰণ ৰাইজে । পেট্ৰ'ল-ডিজেলৰ মূল্যই ১০০ ঘৰ কেতিয়াবাই অতিক্ৰম কৰিলে । তাৰপাচতো প্ৰতিদিনে বাঢ়িছে পেট্ৰ'ল-ডিজেলৰ মূল্য । এই মূল্যবৃদ্ধি নিয়ন্ত্ৰিত হোৱাৰো কোনো আশা দেখা নাই দেশবাসীয়ে ।

শনিবাৰেও পেট্ৰ'ল-ডিজেলৰ দাম বৃদ্ধি কৰিলে তেল কোম্পানীসমূহে । ধাৰাবাহিকভাৱে চতুৰ্থ দিনৰ বাবে এই দাম বৃদ্ধি পৈছে । শনিবাৰে প্ৰতি লিটাৰ পেট্ৰ'লত ৩৫ পইচা বৃদ্ধি পায় । ইণ্ডিয়ান অইল কৰ্প'ৰেচনৰ মতে, দিল্লীত শনিবাৰে প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ১০৭.২৪ টকা আৰু মুম্বাইত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ১১৩.১২ টকালৈ বৃদ্ধি পাইছে ।

আনহাতে, মুম্বাইত বৰ্তমান প্ৰতি লিটাৰ ডিজেলৰ দাম ১০৪ টকা হৈছেগৈ । দিল্লীত ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৯৫.৯৭ টকা । ছত্তিশগড় আৰু মহাৰাষ্ট্ৰৰ সীমান্তৱৰ্তী মধ্য প্ৰদেশৰ বালাঘাটত পেট্ৰ'লৰ বৰ্ধিত মূল্যই অভিলেখ ৰচিছে । বালাঘাটত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ১১৮ টকা হৈছেগৈ । বালাঘাটত প্ৰতি লিটাৰ ডিজেল ১০৭.৪৬ টকাত বিক্ৰী হৈছে ।

আনহাতে, আজিৰ দিনটোত কলকাতাত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ১০৭.৭৮ টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৯৯.০৮ টকা । মুম্বাইৰ দৰে চেন্নাইতো ডিজেলৰ মূল্যই ১০০ ঘৰ স্পৰ্শ কৰিছে । চেন্নাইত প্ৰতি লিটাৰ ডিজেলৰ মূল্য ১০০.২৫ টকা আৰু প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ১০৪.২৭ টকা ।

অক্টোবৰ মাহত একেৰাহে চতুৰ্থ দিনৰ বাবে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য বৃদ্ধি পাইছে । যোৱা ১৮ আৰু ১৯ অক্টোবৰত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য অপৰিৱৰ্তিত আছিল । দেশৰ সকলো মুখ্য চহৰত পেট্ৰ'লৰ মূল্যই ইতিমধ্যে প্ৰতি লিটাৰত ১০০ ৰ ঘৰ স্পৰ্শ কৰিছে । সমান্তৰালকৈ ডিজেলৰ মূল্যও ১২ খনৰো অধিক ৰাজ্যত ১০০তকৈ বেছি হৈছেগৈ । শ্ৰীনগৰৰ পৰা চেন্নাইলৈকে ডিজেলৰ মূল্যই কেইবাখনো চহৰত ১০০ ৰ ঘৰ অতিক্ৰম কৰিছে ।

উল্লেখ্য যে, শনিবাৰৰ দিনটোত গুৱাহাটী মহানগৰীত পেট্ৰ'লৰ মূল্য হৈছে ১০৩.৪৬ টকা ।

স্থানীয় কৰৰ ওপৰত ভিত্তি কৰি ৰাজ্যসমূহত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য কিছু পৃথক হয় । আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্যৰ ওপৰত নিৰ্ভৰ কৰি পেট্ৰ'ল আৰু ডিজেলৰ মূল্য দৈনিক আপডেট কৰা হয় । তেল বিপণন কোম্পানীবোৰে মূল্য পৰ্যালোচনা কৰাৰ পিছত প্ৰতিদিনে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য নিৰ্ধাৰণ কৰে ।

ইণ্ডিয়ান অইল, ভাৰত পেট্ৰ'লিয়াম আৰু হিন্দুস্তান পেট্ৰ'লিয়াম অইল কোম্পানীয়ে প্ৰতিদিনে পুৱা বিভিন্ন চহৰত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য আপডেট কৰে । এছ এম এছৰ জৰিয়তে আপুনিও নিজৰ চহৰত পেট্ৰ'ল আৰু ডিজেলৰ মূল্যৰ বিষয়ে জানিব পাৰিব । ইণ্ডিয়ান অইলৰ গ্ৰাহকসকলে আৰ এছ পি কোড লিখি এছ এম এছ 9224992249 নম্বৰলৈ প্ৰেৰণ কৰিব লাগিব ।

লগতে: বৈষ্ণো দেৱী মন্দিৰৰ তীৰ্থযাত্ৰীৰ বাবে নতুন নিৰ্দেশনা জাৰি

ABOUT THE AUTHOR

...view details