নেচনেল ডেস্ক, 1 জানুৱাৰী: অৰ্থনীতিৰ অন্যান্য খণ্ড সমূহৰ দৰে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ বাবেও 2020 বৰ্ষটো যথেষ্ট খলাবমাৰে পূৰ্ণ এক যাত্ৰা আছিল ৷ বিশ্বৰ দ্বিতীয় বৃহৎ জনবহুল ৰাষ্ট্ৰখনৰ বাবে প্ৰয়োজনীয় বৃহৎ পৰিমাণৰ শক্তিৰ প্ৰয়োজন সম্পূৰ্ণ কৰিবলৈ ইতিমধ্যে সাজু হোৱা দেশ খনৰ বাবে বিগত বৰ্ষটো যথেষ্ট উল্লেখনীয় হিছাপে বিবেচিত হৈছে কিয়নো বিগত বৰ্ষটোতে সমগ্ৰ ৰাষ্ট্ৰত চলি থকা লকডাউনৰ মাজতে ভাৰত ষ্টেজ VI (BS-V6) হিছাপে পৰিচিত ক্লিনাৰ অট' ইন্ধন সমগ্ৰ দেশতে ৰূপায়ন কৰিবলৈ সক্ষম হ'ল ৷
ক'ৰণা অতিমাৰীৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে 25 মাৰ্চৰ মাজনিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশত সম্পূৰ্ণ লকডাউন ঘোষণা কৰাৰ পাঁচদিন পাছতে 1 এপ্ৰিলৰ পৰা সমগ্ৰ দেশতে BS-V6 অট' ইন্ধন উপলব্ধ হৈছিল ৷
দেশৰ দৰিদ্ৰ শ্ৰেণীৰ নাগৰিক সকলৰ বাবে প্ৰাথমিক খাদ্য, ইন্ধন আৰু নগদ ধনৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ উদ্দেশ্যে মাৰ্চ মাহত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 1.75 লক্ষ্য কোটি টকাৰ বাজেটেৰে প্ৰধান মন্ত্ৰী গৰীৱ কল্যান যোজনা (পিএমজিকেৱাই) আঁচনি খনৰ শুভ উদ্বোধন কৰে ৷ উল্লেখ্য যে উক্ত আঁচনি খনে দেশৰ প্ৰায় 80 কোটি মানুহ সামৰি লৈছে আৰু এই সংখ্যা হৈছে দেশৰ মুঠ জনসংখ্যাৰ দুই-তৃতীয়াংশ ৷ প্ৰধান মন্ত্ৰী গৰীৱ কল্যান যোজনাৰ অধীনত প্ৰধান মন্ত্ৰী উজ্বলা যোজনাৰ 7.5 কোটি হিতাধিকাৰীক চৰকাৰে 14 কোটিতকৈও অধিক বিনামূলীয়া LPG চিলিণ্ডাৰ প্ৰদান কৰে ৷
মন কৰিব লগীয়া যে ক'ভিড-19 সৃষ্ট পৰিৱেশৰ পৰিপ্ৰেক্ষিতত দেশজুৰি ঘোষণা কৰা লকডাউনে কিন্তু দেশখনক পঞ্চমলানি Open Acreage Licencing Policy (OALP)ৰ অধীনত তেল আৰু গেছ গৱেষণা তথা অন্বেষণৰ বাবে 11 টা ব্লক সম্বলিত 20,000 বৰ্গ কিলোমিটাৰৰ এক অঞ্চলৰ সৈতে আগুৱাই যোৱাৰ ক্ষেত্ৰত কোনো প্ৰতিৰোধৰ সৃষ্টি কৰিবলৈ সক্ষম ন'হল ৷ ক'ৰণা ভাইৰাছে সৃষ্টি কৰা বিবিধ সমস্যাক নেওচি চলিত বিত্তীয় বৰ্ষটোত অ-মুদ্ৰাকৃত আৱিস্কাৰৰ বিকাশৰ বাবে তেল আৰু গেছ কোম্পানী সমূহে কাম কৰি যোৱা পৰিলক্ষিত হৈছে ৷
উল্লেখ্য যে মহামাৰীৰ বাবে সৃষ্টি হোৱা জটিলতা সমূহৰ পাছতো দেশখন এক শক্তিশালী গেছ গ্ৰিডৰ বিকাশত নিয়োজিত হৈ আছে ৷ জানিব পৰা মতে নেচনেল গেছ গ্ৰিডৰ অধীনত 2020 বৰ্ষত দেশখনত 1544 কিলোমিটাৰ দীঘল পাইপলাইন স্থাপন কৰা হয় ৷ ইয়াৰ উপৰিও চলিত বৰ্ষৰ জুন মাহত গেছ ব্যৱসায়ৰ বাবে গেছ বিনিময় প্ৰক্ৰিয়া আৰম্ভ কৰা হয় ৷ প্ৰাকৃতিক গেছৰ সৰহবৰাহৰ বাবে Indian Gas Exchange(IGX) ডেলিভাৰি দিয়া ট্ৰেডিঙ প্লেটফৰ্ম হিছাপে কাম কৰিব ৷