নেশ্যনেল ডেস্ক,৮ মে' :বিশ্ববিখ্যাত তাজমহলক লৈ আন এক বিতৰ্ক (Controversy over Taj Mahal)। তাজমহলৰ ভিতৰত হিন্দু মূৰ্তি আৰু শিলালিপি লুকুৱাই ৰখা হৈছে । ঐতিহাসিক তাজমহলৰ ২০ টাকৈ কোঠাত থাকিব পাৰে এই সামগ্ৰীবোৰ । এই দাবী অযোধ্যা জিলাৰ বিজেপি দলৰ মেডিয়া বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া ড৹ ৰজনীশ সিঙৰ ।
উক্ত কোঠা কেইটা খোলাৰ অনুমতি বিচাৰি বিজেপি নেতাগৰাকীয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠত এক আবেদন দাখিল কৰিছে (BJP leader appeals to open 20 rooms of Taj Mahal)। ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (ASI)ক আগ্ৰাৰ তাজমহলৰ ভিতৰত থকা ২০ টা কোঠা খোলাৰ নিৰ্দেশনা দিবলৈ আদালত অনুৰোধ জনাইছে নেতাগৰাকীয়ে । অধিবক্তা ৰুদ্ৰ বিক্ৰম সিঙে আদালতত আবেদনকাৰীৰ হৈ ওকালতি কৰিছে ।
ড৹ ৰজনীশ সিঙে কোৱা মতে তাজমহল সম্পৰ্কীয় এটা পুৰণি বিতৰ্ক আছে । তাজমহলৰ প্ৰায় ২০ টা কোঠা বন্ধ হৈ আছে আৰু তাত কাকো প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হোৱা নাই । বিশ্বাস কৰা হয় যে এই কোঠাবোৰত হিন্দু দেৱতাৰ মূৰ্তি আৰু শিলালিপি আছে । সেয়ে কোঠা কেইটা খোলাৰ নিৰ্দেশনা দিবলৈ তেওঁ উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছে বুলি নেতাগৰাকীয়ে উল্লেখ কৰে ।