নিউজ ডেস্ক, ৯ এপ্ৰিল :মধ্যপ্ৰদেশৰ উজ্জয়িনী চহৰৰ কোটৱালী আৰু চিমানগঞ্জ আৰক্ষী থানা অঞ্চলত শনিবাৰে নিশা এক হৃদয় বিদাৰক ঘটনা সংঘটিত হয় । প্ৰাপ্ত তথ্য মতে, জ্বলন্ত অৱস্থাত আচিফ নামৰ এজন ব্যক্তি ৰাস্তাৰ মাজত আহি উপস্থিত হয় (Person Burnt Alive in Ujjain) । সেই দৃশ্য প্ৰত্যক্ষ কৰি আচিফৰ ওপৰত উপস্থিত ৰাইজে পানী ছটিয়াই জুই নুমুৱাবলৈ চেষ্টা কৰে । জুই নিৰ্বাপন হোৱাৰ পিচত আচিফক এজন অটোৱালাৰ সহায়ত হস্পিটেললৈ লৈ যোৱা হয় (burnt person shouted at Ujjain road) ।
এই হৃদয় বিদাৰক ঘটনাটোৰ এটা লাইভ ভিডিঅ' পোহৰলৈ আহিছে । তাত আঘাতপ্ৰাপ্ত অৱস্থাত ৰাস্তাৰ মাজত বহি থকা আচিফক কান্দি কান্দি 'মোক চিকিৎসালয়লৈ লৈ যাওক' বুলি চিঞৰি থকা দেখা গৈছে । লগতে তেওঁ অভিযোগ কৰে যে তেওঁক আৰক্ষীয়ে অগ্নিসংযোগ কৰিছে । কিন্তু তাৰ মাজতে আকৌ তেওঁ কয় যে তেওঁক অগ্নিসংযোগ কৰাসকলক তেওঁ চিনি নাপায় (victim alleged policemen set fire in Ujjain) ।
প্ৰকৃততে সমগ্ৰ ঘটনাটো সংঘটিত হয় চহৰখনৰ কোটৱালী আৰক্ষী থানাৰ অন্তৰ্গত পৌৰ নিগমৰ ২ নং ক্ষেত্ৰৰ পিচফালে ৰাস্তাৰ কাষত নিৰ্মাণ কৰা এটা ৰাজহুৱা শৌচাগাৰত (mysterious burnt case in Ujjain) । চিমানগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত গান্ধীনগৰৰ বাসিন্দা য়াছিন খানৰ পুত্ৰ আচিফ এই দুৰ্ঘটনাটোৰ সন্মুখীন হয় । শনিবাৰে নিশা প্ৰায় ৯.৩০ বজাত জ্বলন্ত অৱস্থাত শৌচালয়ৰ পৰা ওলাই আহি তেওঁ মাজৰাস্তাত সহায়ৰ বাবে অনুৰোধ কৰিবলৈ আৰম্ভ কৰে । এই সন্দৰ্ভত আচিফৰ দুটা ভিডিঅ' পোহৰলৈ আহিছে । কিন্তু দুয়োটা ভিডিঅ'তে দুটা ভিন্ন প্ৰকাৰৰ বিবৃতি ওলাইছে । উল্লেখ্য, উক্ত অগ্নিকাণ্ডত আচিফ 90% দগ্ধ হয় ।