নেশ্যনেল ডেস্ক,৩০ এপ্ৰিল: অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয় (এম.ও.চি.এ.) আৰু অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে তেলেংগানা চৰকাৰক ক'ভিড পৰিস্থিতিত ড্ৰোণ মোতায়েনৰ বাবে চৰ্ত সাপেক্ষ পৰীক্ষণৰ অনুমতি প্ৰদান কৰিছে ।
ৰাজ্যখনত ভিজুৱেল লাইন অফ চাইট (ভিএলওএছ) পৰিসৰৰ ভিতৰত ক'ভিড-১৯ প্ৰতিষেধকৰ পৰীক্ষামূলক বিতৰণ কৰাৰ বাবে ড্ৰোণ ব্যৱহাৰৰ অনুমতি প্ৰদান কৰা হৈছে । অনুমতি এবছৰৰ বাবে বা পৰৱৰ্তী নিৰ্দেশলৈকে বৈধ থাকিব । এই অনুমতিবোৰ কেৱল তেতিয়াহে বৈধ হ'ব যদি সংশ্লিষ্ট সংস্থাবোৰৰ বাবে উল্লেখ কৰা সকলো চৰ্ত আৰু সীমাবদ্ধতা কঠোৰভাৱে পালন কৰা হয় ।
পৰীক্ষণবোৰে জনসংখ্যা,আইচ'লেচনৰ পৰিমাণ, ভূগোল আদিৰ দৰে পৰিস্থিতি মূল্যাঙ্কন কৰাত সহায় কৰিব যাতে বিশেষকৈ ড্ৰোণ ডেলিভাৰীৰ প্ৰয়োজন হোৱা অঞ্চলবোৰ চিনাক্ত কৰিব পাৰি ।