নেশ্যনেল ডেস্ক, ১০ আগষ্ট :জনসংখ্যা নিয়ন্ত্ৰণক (population control) লৈ উত্তৰ প্ৰদেশ চৰকাৰ যথেষ্ট সষ্টম হৈছে । জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ খচৰা (draft law for population control) সন্দৰ্ভত ৰাইজে দিয়া পৰামৰ্শবোৰ ইতিমধ্যে আইন আয়োগে ৫৩ টা শ্ৰেণীত বিভক্ত কৰিছে । বেছিভাগ লোকে দুটাৰ ঠাইত তিনিটা সন্তানৰ হে পৰামৰ্শ প্ৰদান কৰিছে ।
ইয়াত অন্তৰ্ভুক্ত পৰামৰ্শবোৰৰ ভিতৰত আছে যে যদি কোনো দম্পতীৰ প্ৰথম দুগৰাকী কন্যা সন্তান থাকে বা প্ৰথম দুগৰাকী সন্তান যদি বিশেষভাৱে সক্ষম তেনে ক্ষেত্ৰত তিনিটা সন্তানৰ নিয়ম কাৰ্যকৰী কৰিব লাগে ।
উত্তৰ প্ৰদেশ আইন আয়োগৰ অধ্যক্ষ ন্যায়াধীশ এ এন মিট্টালে কোৱা মতে, আয়োগে শীঘ্ৰেই ইয়াৰ প্ৰতিবেদন মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক (Yogi Adityanath) হস্তান্তৰ কৰিব । যোৱা মাহত ৱেবছাইটত জনসাধাৰণৰ পৰা পৰামৰ্শ বিচাৰি আবেদন জনাইছিল আৰু ৮,৫০০ ৰো অধিক পৰামৰ্শ লাভ কৰিছিল আয়োগে । সূত্ৰ অনুসৰি কেইবাজনো লোকে পৰামৰ্শ দিছে যে যিসকল লোকৰ দুটাতকৈ অধিক সন্তান আছে তেওঁলোকক সাংসদ আৰু বিধায়ক নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ বাধা দিব লাগে ।
অন্যান্য পৰামৰ্শবোৰৰ ভিতৰত আছে দুটাতকৈ অধিক সন্তান থকা দম্পতীসকলক সংৰক্ষণৰ সুবিধাৰ পৰা বঞ্চিত কৰিব লাগে লগতে তেওঁলোকৰ ভোটদানৰ অধিকাৰ প্ৰত্যাহাৰ কৰিব লাগে বুলিও একাংশ লোকে পৰামৰ্শ দিছে ।