নিউজ ডেস্ক, 2 ফেব্ৰুৱাৰী: আমাৰ সমাজত কেতিয়াবা এনে কিছুমান ঘটনা সংঘটিত হয়, যাক কাহানিও কল্পনাও কৰা নাযায় ৷ সেই ঘটনা প্ৰবাহে মানুহক আচৰিত কৰি তোলে ৷ মায়ঙৰ যাদুৰ দৰেই কিছুমান ঘটনাই আমাৰ মনত আশ্চৰ্যৰ সৃষ্টি কৰে ৷ মৰা মানুহ জী উঠাৰ দৰে অবাস্তৱ ঘটনাৰ কেতিয়াবা আপুনি সাক্ষী হৈছেনে ? যদি হোৱা নাই তেন্তে পঢ়ক এই প্ৰতিবেদন (Strange incident news)৷
উত্তৰাখণ্ডৰ ৰুড়কীৰ মংলোৰ অঞ্চলত সংঘটিত হৈছে তেনে এক ঘটনা ৷ অন্তিম সৎকাৰৰ সময়তে জী উঠিল এগৰাকী বৃদ্ধা (Roorkee Woman Alive) ৷ নৰছান খুৰ্ডৰ বাসিন্দা বিনোদ নামৰ ব্যক্তিগৰাকীৰ 102 বছৰ বয়সীয়া মাতৃ জ্ঞান দেৱীৰ বুধবাৰে মৃত্যু হয় ৷ বৃদ্ধাগৰাকীৰ মৃত্যুৰ পাচত পৰিয়ালৰ লোকে তেওঁৰ সৎকাৰৰ ব্যৱস্থা কৰে ৷ ধৰ্মীয় ৰীতি-নীতিৰে মৃতদেহটো সৎকাৰৰ বাবে সাজু কৰাৰ সময়তে তেওঁলোকে শৰীৰটোৱে লৰচৰ কৰা প্ৰত্যক্ষ কৰে ৷ প্ৰথমে এই ঘটনাত তেওঁলোক আচৰিত হৈ পৰে (Woman Alive Before Funeral in Roorkee) ৷ কিন্তু যেতিয়া বৃদ্ধাগৰাকীয়ে চকু মেলে তেতিয়া পৰিয়ালৰ লোকৰ মনত আনন্দৰ সীমা নোহোৱা হয় ৷
চিকিৎসকে পৰীক্ষাৰ অন্তত মহিলাগৰাকীক মৃত বুলি ঘোষণা কৰিছিল:
দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল 102 বছৰীয়া বৃদ্ধা জ্ঞান দেৱী ৷ বুধবাৰে তেওঁ হঠাৎ অজ্ঞান হৈ পৰাত পৰিয়ালৰ লোকে ঘৰলৈ চিকিৎকক মাতি আনে ৷ চিকিৎসকে পৰীক্ষা কৰি বৃদ্ধাগৰাকীৰ মৃত্য়ু হোৱা বুলি নিশ্চিত কৰে ৷ তাৰ পাচতে ঘৰখনত শোকাকুল পৰিবেশে বিৰাজ কৰে ৷ বৃদ্ধাগৰাকীৰ সন্তানে মাতৃৰ মৃত্যুৰ খবৰ পৰিয়ালৰ লোকক জনায় আৰু পৰিয়ালৰ লোকসকল ততালিকে তেওঁলোকৰ ঘৰলৈ আহে (Dead woman taking breath roorkee) ৷