নেশ্যনেল ডেস্ক,১৩ আগষ্ট:১৩ আগষ্ট অৰ্থাৎ আজি মণিপুৰত পালন কৰা হৈছে দেশপ্ৰেম দিৱস বা পেট্ৰিয়ট দিৱস । ১৮৯১ চনত ব্ৰিটিছ শাসনক অস্বীকাৰ কৰি শ্বহীদ হোৱা লোকসকলক এই দিনটোত স্মৰণ কৰা হৈছে । মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙেও শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ।
উল্লেখ্য যে ১৮৮৬ চনত তদানীন্তন মহাৰাজা চন্দ্ৰকীৰ্তি সিঙৰ মৃত্যুৰ পাচত মণিপুৰৰ স্বাধীন ৰাজকীয় ৰাজ্যৰ নিয়ন্ত্ৰণ ল'বলৈ তদানীন্তন ব্ৰিটিছ চৰকাৰে নিয়োজিত কৰা সেনাৰ তিনিটা স্তম্ভৰ বিৰুদ্ধে মণিপুৰীসকলে সাহসেৰে যুঁজ দিছিল ।
ব্ৰিটিছসকলে যুদ্ধত জয়ী হোৱাৰ পাচত তেওঁলোকে ভূমি ৰক্ষাৰ চেষ্টাত জড়িত লোকসকলক গ্ৰেপ্তাৰ কৰে আৰু একাংশ ব্যক্তিক মৃত্যুদণ্ড দিয়ে । ১৮৯১ চনৰ ১৩ আগষ্টত বীৰ তিকেন্দ্ৰজিৎত যুৱৰাজ বীৰ তিকেন্দ্ৰজিৎ সিং, থাংগল জেনেৰেল আৰু পাওনা ব্ৰজাবাচীক ফাঁচী দিয়া হৈছিল । সেই দিনটোক মণিপুৰবাসীয়ে পেট্ৰিয়ট দিৱস হিচাপে পালন কৰি আহিছে ।
এই বিশেষ দিনটোত মণিপুৰৰ ৰাজ্যপাল অনুচুয়া উইকীয়ে এক বাৰ্তাযোগে কয় যে এই দিনটোৱে বীৰ তিকেন্দ্ৰজিৎ, থাংগল জেনেৰেল, চিৰাই নাগা, পুখৰামবাম কাজাও, নিৰঞ্জন সুবেদাৰ আৰু আন শ্বহীদসকলৰ তেওঁলোকৰ নিস্বাৰ্থ দেশপ্ৰেম আৰু ত্যাগৰ বিষয়ে সোঁৱৰাই দিয়ে ।