নেশ্যনেল ডেস্ক,২ এপ্ৰিল : বিহাৰত তীব্ৰ উত্তেজনা । চাচাৰামত সংঘটিত হিংসাত্মক ঘটনাৰ পাছতে অঞ্চলটোত তীব্ৰ আতংকই বিৰাজ কৰিছে (Tense situation in Bihar)। আনকি বহুলোকে নিজৰ ঘৰ এৰি চহৰৰ পৰা বহু দূৰত থকা গাঁৱলৈ পলায়ন কৰিছে । প্ৰতিবেদন অনুসৰি হিন্দু নাগৰিকসকলে অধিক হিংসাৰ ভয়ত ঘৰ এৰি পলায়ন কৰিছে । একাংশ ভুক্তভোগীৰ মতে যিকোনো সময়ত যিকোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হ'ব পাৰে (Hindus leaving homes in Sasaram)।
অৱশ্যে, ৰোহতাস আৰক্ষীয়ে চাচাৰামত হিন্দু লোকসকলে ঘৰ এৰি পলায়ন কৰা খবৰ মিছা বুলি দাবী কৰিছে । এনেধৰণৰ উৰাবাতৰিত বিশ্বাস নকৰিবলৈও সাধাৰণ ৰাইজক আৰক্ষীয়ে আহ্বান জনাইছে । আৰক্ষীৰ মতে কোনেও ঘৰ এৰি যোৱা নাই আৰু চাচাৰামত পৰিস্থিতি স্বাভাৱিক হৈছে (Police reacts over Sasaram incident)।
এগৰাকী ভুক্তভোগী মহিলাই কোৱা মতে তেওঁ ঘৰৰ সামগ্ৰীবোৰ ভাঙি পেলোৱা হৈছে আৰু লুণ্ঠন চলোৱা হৈছে । কন্যাৰ বিয়াৰ বাবে থোৱা ধনো লুটি লৈ গৈছে বুলি মহিলাগৰাকীয়ে অভিযোগ কৰিছে । কিন্তু আৰক্ষীয়ে এই ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ লোৱা নাই বুলিও তেওঁ অভিযোগ কৰিছে । আন এগৰাকী স্থানীয় মহিলাই প্ৰশ্ন কৰিছে যে, তেওঁলোকে এতিয়া ঘৰ এৰি যোৱাৰ বাহিৰে কি কৰা উচিত ? মহিলাগৰাকীয়ে কোৱা মতে তাত পৰিস্থিতি ঠিক নহয় । সেইকাৰণে তেওঁলোকে ঘৰৰ পৰা ওলাই গৈছে । আৰক্ষীয়ে তেওঁলোকক সুৰক্ষা প্ৰদানত ব্যৰ্থ হৈছে ।
আন এগৰাকী বাসিন্দাই কোৱা মতে তেওঁলোকৰ ঘৰলৈ লক্ষ্য কৰি ইটা আৰু শিল নিক্ষেপ কৰা হৈছিল । যাৰ বাবে লোকসকলৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে । তেওঁ কোৱা মতে ৰাম নৱমীৰ লগত সংগতি ৰাখি এক শোভাযাত্ৰাৰ আয়োজন কৰা হৈছিল । শোভাযাত্ৰাৰ মাজতে মছজিদৰ ওচৰত এই হিংসা আৰম্ভ হৈছিল । তেওঁ অভিযোগ কৰা মতে একাংশ দুষ্কৃতিকাৰীয়ে চিচিটিভি ভাঙি পেলাইছিল । পৰিস্থিতি অতি বেয়া বাবে তেওঁলোকে গাঁৱৰ ঘৰলৈ গৈ আছে বুলি লোকজনে সংবাদমাধ্যমৰ আগত মন্তব্য কৰিছিল (Clashes during Ram Navami in Bihar)।
সংবাদমাধ্যমৰ আগত আন এগৰাকী মহিলাই কোৱা মতে ঘটনাটোৰ সময়ত তেওঁলোকে ঘৰৰ ভিতৰত আৱদ্ধ হৈ আছিল । অন্যথা তেওঁলোকৰ সৈতে অপ্ৰীতিকৰ ঘটনা হ'লহেঁতেন বুলি তেওঁ আশংকা ব্যক্ত কৰিছে । মহিলাগৰাকীৰ বিস্ফোৰক অভিযোগ যে একাংশ লোকে তেওঁৰ ঘৰৰ ওচৰতে বন্দুকত গুলী ভৰাই আছিল । পৰিয়ালটোৱে খিৰিকী আৰু গেট বন্ধ কৰি ঘৰৰ ভিতৰত লুকাই আছিল যদিও দুষ্কৃতিকাৰীয়ে তেওঁলোকৰ ঘৰৰ খিৰিকীখনো ভাঙিছিল । পৰিস্থিতিটো অতি বেয়া বাবে তেওঁলোক ঘৰ এৰি গাঁৱলৈ ৰাওনা হৈছে ।
উল্লেখ্য যে, বৃহস্পতিবাৰে ৰাম নৱমী আছিল । তাৰ পিচদিনা অৰ্থাৎ শুকুৰবাৰে চাচাৰামত দুটা ফৈদৰ মাজত এক হিংসাত্মক সংঘৰ্ষ হয় । দুয়োপক্ষৰ মাজত শিলাবৰ্ষণ কৰাৰ লগতে একাংশ লোকে বিভিন্ন স্থানত অগ্নিসংযোগ কৰিছিল । যাৰ ফলত অঞ্চলটোৰ আইন শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটিছিল (Communal violence in Bihar)। বহুলোকে বাহনত অগ্নিসংযোগ কৰাৰো খবৰ পোৱা গৈছে । এনে পৰিপ্ৰেক্ষিতত, জিলা প্ৰশাসনে ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ লগতে অঞ্চলটোত ১৪৪ ধাৰা জাৰি কৰিছে ।
লগতে পঢ়ক :Violence in Bihar: বিহাৰত ভয়ংকৰ সংঘাত; নালন্দাত আহত তিনিজন; চাচাৰামতো এজন আহত