অসম

assam

ETV Bharat / bharat

Cardiovascular Diseases in Northeast: ভয়াৱহ! উত্তৰ-পূৰ্বাঞ্চলত হৃদৰোগ বিশেষকৈ ষ্ট্ৰোকত আক্ৰান্তৰ সংখ্যা অধিক: বিজ্ঞানী - উচ্চ ৰক্তচাপ

বৃহস্পতিবাৰে নতুন দিল্লীত অনুষ্ঠিত এক অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলৰ লোকৰ হৃদৰোগ বিশেষকৈ ষ্ট্ৰোকৰ আশংকা অধিক হোৱাৰ এক তথ্য পোহৰলৈ আহিছে । এই সন্দৰ্ভত বিশেষজ্ঞই কি কয় জানো আহক...

People in Northeast prone to cardiovascular diseases especially stroke: Scientists
ভয়াৱহ! উত্তৰ-পূৰ্বাঞ্চলত হৃদৰোগ বিশেষকৈ ষ্ট্ৰোকত আক্ৰান্তৰ সংখ্যা অধিক: বিজ্ঞানী

By

Published : May 26, 2023, 10:48 AM IST

ভাৰতত ষ্ট্ৰোক আৰু হাৰ্ট এটেকৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ সময়তে বৃহস্পতিবাৰে চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰৰ বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে যে ভাৰতৰ উত্তৰ-পূব বিশেষকৈ অসমত হৃদৰোগৰ আশংকা অধিক (cardiovascular disease)।

‘উত্তৰ-পূব আৰু বিশেষকৈ অসমৰ ফালে চাবলৈ গ’লে ষ্ট্ৰোকৰ আশংকা অধিক । উত্তৰ-পূৱ ভাৰতত বিশেষকৈ চাহ বাগিচাৰ অঞ্চলত চাহত নিমখ ব্যৱহাৰ বা যোগ কৰাৰ এক অভ্যাস আছে ৷ আৰ্দ্ৰ মাহ আৰু গ্ৰীষ্মকালীন মাহত এই লোকসকলে শৰীৰৰ পৰা প্ৰচুৰ পৰিমাণে নিমখ হেৰুৱাবলগীয়া হয় । গতিকে, উত্তৰ-পূবত সৰ্বাধিক ষ্ট্ৰোক হোৱাৰ অন্যতম কাৰণ এইটোৱেই বুলি গণ্য কৰা হয় (Cardiovascular Diseases in Assam)।

বিশ্ব ষ্ট্ৰোক সংস্থাৰ নিৰ্বাচিত সভাপতি ডাঃ জেয়াৰাজ দুৰাই পাণ্ডিয়ানে নতুন দিল্লীত ইটিভি ভাৰতক এইদৰে কয় । তেওঁ আৰু কয়, ‘জীৱনশৈলীৰ কাৰক আৰু খাদ্যাভ্যাসৰ ফলত দেহত নিমখৰ পৰিমাণ বৃদ্ধি হ’ব পাৰে আৰু সেয়াই অধিক সংখ্যক ষ্ট্ৰোকৰ অন্যতম কাৰণ (study on cardiovascular disease)।’

‘নিমখৰ ব্যৱহাৰ আৰু জীৱনশৈলীৰ পৰিৱৰ্তনৰ পৰা হাত সাৰিবলৈ আমি বহু অভিযান আৰু জনসচেতনতা সৃষ্টি কৰিব লাগিব । ইতিমধ্যে ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্ছ চমুকৈ আইচিএমআৰে এই দিশত এক পদক্ষেপ গ্ৰহণ কৰিছে ।’ পঞ্জাৱৰ খ্ৰীষ্টিয়ান মেডিকেল কলেজ এণ্ড হস্পিতালৰ স্নায়ু বিজ্ঞানৰ অধ্যাপক হিচাপেও কৰ্মৰত ডাঃ পাণ্ডিয়ানে এইদৰে কয় ।

এক পৰিসংখ্যাৰে ডাঃ পাণ্ডিয়ানে কয় যে, উত্তৰ-পূৰ্বাঞ্চলত প্ৰতি এক লাখ জনসংখ্যাৰ বিপৰীতে ১৯২-২০০ টা ষ্ট্ৰোকৰ ঘটনা সংঘটিত হয় । অসমৰ লোক আৰু বিশেষকৈ চাহ বাগিচাৰ শ্ৰমিকৰ মাজত ষ্ট্ৰোকৰ প্ৰধান বিপদজনক কাৰক হৈছে উচ্চ ৰক্তচাপৰ প্ৰাদুৰ্ভাৱ ৩৩ শতাংশৰ পৰা ৬০.৮ শতাংশ বুলি জানিব পৰা গৈছে ।

যোগাযোগ কৰাত ভাৰতীয় চিকিৎসা বিজ্ঞান পৰিষদৰ এগৰাকী জ্যেষ্ঠ বিজ্ঞানীয়েও স্বীকাৰ কৰে যে উত্তৰ-পূৰ্বাঞ্চলত ৰক্তক্ষৰণজনিত ষ্ট্ৰোকৰ সংখ্যা বেছি । ‘উত্তৰ-পূবত ইস্কেমিক ষ্ট্ৰোকৰ তুলনাত ৰক্তক্ষৰণজনিত ষ্ট্ৰোকৰ ঘটনা অধিক হোৱা দেখা গৈছে । উত্তৰ-পূৰ্বাঞ্চলত উচ্চ ৰক্তচাপ প্ৰতিৰোধৰ প্ৰয়োজন এই কাৰণেই আছে যাতে ৰক্তক্ষৰণজনিত ষ্ট্ৰোকৰ সংখ্যা কম হয় ।’

ৰক্তক্ষৰণজনিত ষ্ট্ৰোক হৈছে অধিক গুৰুতৰ ষ্ট্ৰোকৰ এটা প্ৰধান কাৰণ যিয়ে মৃত্যুৰ সূচনা কৰে । “উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছ হৈছে ষ্ট্ৰোকৰ প্ৰধান কাৰণ । উত্তৰ-পূবত আমি চিনাক্ত কৰা আন এটা কাৰণ হ’ল ধঁপাত আৰু ড্ৰাগছ সেৱন । যিসকল লোকৰ দেহত আন কোনো লক্ষণ নাই, তেওঁলোকৰ ষ্ট্ৰোক হ’ব পাৰে বুলি বিজ্ঞানীগৰাকীয়ে জানিবলৈ দিয়ে ।

বিজ্ঞানীগৰাকীয়ে কয়, ‘সাধাৰণতে বৃদ্ধ বয়সৰ লোকৰ ক্ষেত্ৰত এনেকুৱা হয় যদিও উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণহীন হোৱাৰ বাবে আমিও ৰক্তক্ষৰণজনিত ষ্ট্ৰোকৰ ঘটনা দেখিবলৈ পাইছো । পৰিসংখ্যা দি আইচিএমআৰৰ বিজ্ঞানীগৰাকীয়ে কয় যে, অসম তথা উত্তৰ-পূর্বাঞ্চলত ৬০ শতাংশ লোকৰ উচ্চ ৰক্তচাপৰ সমস্যা আছে ৷

তথ্য অনুসৰি ভাৰতত প্ৰতি বছৰে প্ৰায় ১,৮৫,০০০ ষ্ট্ৰোক ৰোগীৰ ৰিপৰ্ট পোৱা যায় আৰু প্ৰতি ৪০ ছেকেণ্ডত প্ৰায় এটা ষ্ট্ৰোক আৰু প্ৰতি চাৰি মিনিটৰ মূৰে মূৰে এটা ষ্ট্ৰোক আৰু মৃত্যু হয় ।

বিশ্ব স্বাস্থ্য সংস্থাই শেহতীয়াকৈ কৈছে যে, বিশ্বজুৰি আৰু WHO’ৰ দক্ষিণ-পূব এছিয়া অঞ্চলত হৃদযন্ত্ৰৰ ৰোগত মৃত্যুৰ একক আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণ হৈছে উচ্চ ৰক্তচাপ । অঞ্চলটোৰ উচ্চ ৰক্তচাপ ৰোগীৰ প্ৰায় আধা সংখ্যক লোকে নিজৰ অৱস্থাৰ বিষয়ে অজ্ঞাত (who report on cardiovascular disease)। উচ্চ ৰক্তচাপ প্ৰতিৰোধ, ধৰা পেলোৱা আৰু নিয়ন্ত্ৰণৰ বাবে উচ্চ ৰক্তচাপৰ সেৱা বৃদ্ধি কৰাৰ তৎকালীন প্ৰয়োজনীয়তা আছে বুলি The global health watchdog এ জানিবলৈ দিয়ে ।

লগতে পঢ়ক:Cardiac Arrest: কাৰ্ডিয়াক এৰেষ্টে প্ৰাণ কাঢ়িলে অভিনেতা নিতেশ পাণ্ডেৰ, জানি লওক ইয়াৰ কাৰণ-লক্ষণ তথা নিদান

ABOUT THE AUTHOR

...view details