নেশ্যনেল ডেস্ক, 3 ডিচেম্বৰ :"ৰাইজে কংগ্ৰেছক প্ৰত্যাখ্যান কৰিছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইতিবাচক প্ৰতিশ্ৰুতি আৰু নেতৃত্বৰ বাবে জনসাধাৰণে বিজেপিক ভোটদান কৰিছে ৷" ৰাজস্থানৰ ভাৰতীয় জনতা পাৰ্টীৰ (বিজেপি) প্ৰভাৰী, কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে দেওবাৰে এই মন্তব্য প্ৰকাশ কৰে ৷
"কংগ্ৰেছ দলে সদায় ভুৱা প্ৰতিশ্ৰুতি দি আহিছে, মানুহে ইয়াক কৰ্ণাটক, হিমাচল প্ৰদেশত দেখিছে। গতিকে এইবাৰ কংগ্ৰেছ বিফল হৈছে। সেইকাৰণেই ভোটাৰে কংগ্ৰেছক প্ৰত্যাখান কৰিছে ৷ মই অত্যন্ত সুখী, আমি ৰাজস্থানত কমেও 124 খন (আসন) অতিক্ৰম কৰিম ৷" লগতে প্ৰহ্লাদ যোশীয়ে এনেদৰে মন প্ৰকাশ কৰে ৷
বৰ্তমানে চলি থকা ভোট গণনাত আসনৰ অগ্ৰগতি দিশলৈ চাই ৰাজস্থান বিধানসভাত একক সংখ্যাগৰিষ্ঠ লাভৰ দিশে গতি কৰিছে বিজেপিয়ে ৷ চৰকাৰ গঠন কৰিবলৈ প্ৰয়োজনীয় 100 খনৰো অধিক আসনত অগ্ৰগতি লাভ কৰিছে বিজেপিয়ে ৷